কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধিক কুঠাৰাঘাত কৰিছেঃ সৰ্বানন্দ সোণোৱাল

লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ বিষয়ে ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত শাসকীয় দলৰ হৈ প্ৰথমগৰাকী বক্তা হিচাপে নিজৰ পক্ষ ৰাখে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 8.05.45 PM

ডিজিটেল সংবাদ, নতুন দিল্লীঃ লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ বিষয়ে ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত শাসকীয় দলৰ হৈ প্ৰথমগৰাকী বক্তা হিচাপে নিজৰ পক্ষ ৰাখে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে। ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে বুলি মন্তব্য কৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ প্ৰাসংগিকতা উল্লেখ কৰি সোণোৱালে কয় যে, এই ভাষণে সামাজিক ন্যায়, একাত্মবোধ, দূৰদৰ্শিতা আৰু শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ দিশ নিৰ্দেশনা প্ৰদান কৰিছে। আদিবাসী মূলৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৰ অভিভাষণ ঐতিহাসিক বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সর্বানন্দ সোণোৱালে উল্লেখ কৰে যে, “মই উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় আৰু আদিবাসী সমাজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাটো গৌৰৱৰ বিষয়। ২০১৪ চনৰ পূৰ্বে দেশত নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত পক্ষাঘাত, দুৰ্নীতি, আঞ্চলিক বৈষম্য, আঁচনি ৰূপায়ণৰ বিলম্ব আৰু ৰাষ্ট্ৰীয় আত্মবিশ্বাসৰ অভাৱ বিৰাজ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সেই পৰিস্থিতিৰ অন্ত পৰিছে” বুলি তেওঁ সদৰী কৰে।

লগতে সর্বানন্দ সোণোৱালে দাবী কৰে যে, আয়কৰ আৰু জি এছ টি সংস্কাৰ, স্বচ্ছ ভাৰত অভিযান, জলজীৱন মিচন, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা, একলব্য আদৰ্শ আবাসিক বিদ্যালয় আদি আঁচনিসমূহে দেশৰ উন্নয়ন যাত্ৰাক গতি প্ৰদান কৰিছে। “এঘাৰ বছৰত ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হোৱাটো আকস্মিক নহয়,” বুলিও কয় সোণোৱালে।

একেদৰে, উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত বক্তব্য আগবঢ়াই সোণোৱালে অভিযোগ কৰে যে, কংগ্ৰেছৰ শাসনকালত অঞ্চলটোক অৱহেলা কৰা হৈছিল। প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে যেনেদৰে চাহ শ্রমিকসকলক যথোচিত মর্যাদা আৰু সামাজিক ন্যায় প্ৰদান কৰিছে সেয়া এক ঐতিহাসিক পদক্ষেপ। এতিয়া আৰু আমাৰ চাহ শ্ৰমিকসকলে দৰমহাৰ টকাকেইটাৰ বাবে কাৰো ওচৰত মূৰ দোৱাব নালাগে, প্রধানমন্ত্রী জন-ধন যোজনাৰ জৰিয়তে তেওঁলোকে নিজৰ বেংক একাউন্টত সসম্মানে নিজৰ দৰমহাটো লাভ কৰে। “প্ৰথম সূৰ্য্যৰ পোহৰ দেখা পূৰ্বোত্তৰৰ গাঁওসমূহ কংগ্ৰেছৰ দিনত অন্ধকাৰত থাকিবলৈ বাধ্য হৈছিল। চাহ জনজাতিৰ লোকসকল অনাদৃত হৈ ৰৈছিল,” বুলি তেওঁ লোকসভাত উল্লেখ কৰে। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে চাহ শ্ৰমিকসকলক সামাজিক ন্যায় আৰু মৰ্যাদা প্ৰদান কৰিছে বুলি মন্তব্য কৰে সর্বানন্দ সোণোৱালে।

আনহাতে, বিভিন্ন ঐতিহাসিক প্ৰসংগ উল্লেখ কৰি সোণোৱালে কংগ্ৰেছৰ ভূমিকাক সমালোচনা কৰাৰ লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। "স্বাধীনতাৰ পাছৰে পৰা নিজৰ প্ৰতিটো প্ৰাপ্য অধিকাৰৰ বাবে পূৰ্বোত্তৰৰ জনতাই আন্দোলন কৰিব লাগিছিল, ৰাজপথত নামিব লাগিছিল। কিন্তু তেওঁলোকে ন্যায় নাপালে, পালে বন্দুকৰ গুলী। এই অন্যায়, অৱহেলাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীক এটুকুৰা ঘাঁ দি থৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীৰ একাধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ কথা উল্লেখেৰে তেওঁ সদৰী কৰে যে, বিজেপিৰ শাসন কালত এই অঞ্চলক “অষ্টলক্ষ্মী” ৰূপে চিহ্নিত কৰা হৈছে।

ইফালে, নিজৰ মন্ত্ৰালয়ৰ কাম-কাজৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে, সাগৰমালা প্ৰকল্প, মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃতকাল ভিজন ২০৪৭ৰ জৰিয়তে ভাৰত শীঘ্ৰেই বিশ্বৰ শীৰ্ষ জাহাজ নিৰ্মাণকাৰী দেশসমূহৰ ভিতৰত স্থান লাভ কৰিব। লোকসভাত সোণোৱালে নিজৰ মন্ত্রণালয়ৰ সন্দৰ্ভত কয়- "২০১৪ চনৰ আগলৈকে কংগ্রেছে কেতিয়াও এই মন্ত্রণালয়ক মান্যতা প্ৰদান কৰাৰ সদিচ্ছা প্রদর্শন নকৰিলে। এই মন্ত্রণালয়ত থকা প্ৰচুৰ শক্তি, সম্পদ আৰু সম্ভাৱনীয়তাক তেওঁলোকে পঢ়িব নোৱাৰিলে। সঠিক অধ্যয়ন আৰু অনুসন্ধানেৰে ইয়াক অনুধাৱন কৰিব পাৰিলে দেশ বিকশিত হ' লহেঁতেন।“

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, মহাত্মা গান্ধীয়ে কৈছিল- অসমৰ শিপিনীয়ে গামাচাৰে সপোন ৰচিব পাৰে ৷ কিন্তু আপোনালোকৰ ৰাহুল গান্ধীয়ে আমাৰ সেই স্বাভিমান গামোচাকেই দলিয়াই দিছিল। আমাৰ ঐতিহ্য আৰু সন্মানৰ প্ৰতিও আপোনালোকৰ বিন্দুমাত্রও অনুকম্পা কেতিয়াও নাছিল বুলি অভিযোগ উত্থাপন কৰে সৰ্বানন্দ সোণোৱলে। 

ভাষণৰ অন্তত সোণোৱালে কংগ্ৰেছৰ সাংসদসকলক উদ্দেশ্য কৰি উন্নয়ন যাত্ৰাত সহযোগ কৰাৰ আহ্বান জনায়। “ঘৃণা বা বিভেদে নহয়, সেৱাৰ মনোভাৱেৰে দেশ আগবঢ়াই নিব লাগে” বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে  সৰ্বানন্দ সোণোৱালে।

সর্বানন্দ সোণোৱাল