/asomiyapratidin/media/media_files/2025/07/07/new-ap-web-3-3-2025-07-07-19-57-25.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ একাধিক পদক্ষেপৰ কথা সোমবাৰে গুৱাহাটীত সম্বোধন কৰা এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে। ৫,০০০ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনাৰে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বৃহৎ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা প্রস্তুত কৰিছে।
বিগত ১১ বছৰত, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ে ভাৰতৰ সামুদ্রিক খণ্ডত অভিলেখযুক্ত বৃদ্ধিৰে মালবাহী পৰিচালনা, ক্ষমতা বৃদ্ধি আৰু উপকূলীয় জাহাজ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। দেশৰ প্রধান বন্দৰসমূহৰ ক্ষমতা প্রায় দুগুণ বৃদ্ধি পাইছে, একেদৰে ক্রুজ পৰ্যটনৰ বিকাশৰ লগতে নতুন টার্মিনেলৰ পৰিকল্পনা চলিছে।
ইফালে উত্তৰ-পূৰ্বাঞ্চলৰ ৫০,০০০ যুৱক-যুৱতীয়ে আগন্তুক দিনবোৰত সামুদ্রিক খণ্ডত চাকৰি লাভৰ বাবে উপযুক্ত প্রশিক্ষণ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। মুখ্য আইনী আৰু ডিজিটেল সংস্কাৰ, সেউজ জাহাজ পৰিবহণ পদক্ষেপ আৰু কালাদান মাল্টি-ম'ডেল ট্রানজিট ট্রেন্সপট প্ৰকল্পৰ দৰে অভিলাষী পদক্ষেপে আঞ্চলিক সংযোগ আৰু বাণিজ্য শক্তিশালী কৰিছে।
সংবাদমেলত সর্বানন্দ সোণোৱালে সদৰি কৰে যে, "আমাৰ চৰকাৰে আগন্তক দশকত উত্তৰ-পূৰ্বাঞ্চলৰ ৫০,০০০ যুৱক-যুৱতীক সামুদ্রিক দক্ষতাৰ প্রশিক্ষণ দিয়াৰ লক্ষ্য ৰাখিছে, যিয়ে তেওঁলোকক ক্রমবর্ধমান খণ্ডটোত নিশ্চিত চাকৰিৰ সুযোগ প্রদান কৰিব। গুৱাহাটীৰ মেৰিটাইম স্কিল ডেভেলপমেন্ট চেন্টাৰ আৰু ডিব্ৰুগড়ত নির্মাণ হ'বলগীয়া সামুদ্রিক উৎকর্ষতা কেন্দ্রই এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সামুদ্রিক উৎকর্ষতা কেন্দ্ৰৰ বিকাশৰ বাবে ২০০ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। এই দুয়োটা কেন্দ্ৰৰ প্ৰশিক্ষণৰ ফলত বছৰি ৫০০ চাকৰিৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে।"
উল্লেখযোগ্য যে, মন্ত্রণালয়ে বিগত দুই বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ খণ্ডত ১,০০০ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে, যাৰ ভিতৰত ৩০০ কোটি টকাৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে আৰু ৭০০ কোটি টকাৰ কাম ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। প্রধান পদক্ষেপসমূহৰ ভিতৰত আছে পাণ্ডু, যোগীঘোপা, ধুবুৰী, বগীবিল, কৰিমগঞ্জ আৰু বদৰপুৰত স্থায়ী মালবাহী টার্মিনেল, বছৰজুৰি ফেয়াৰৱে নিশ্চিত কৰাৰ নিয়মীয়া ড্রেজিং; পাণ্ডু বন্দৰলৈ নতুন প্ৰৱেশ পথৰ নিৰ্মাণ, ডিব্ৰুগড়ৰ জলপথৰ ঐতিহ্য পুনৰুদ্ধাৰ, ২৯৯ কোটি টকাৰ পৰ্যটন জেটি, গুৱাহাটী আৰু ডিব্ৰুগড়ত দক্ষতা বিকাশ কেন্দ্ৰ আৰু বগীবিল, বিশ্বনাথ ঘাট, শিলঘাট আৰু পাণ্ডুত লাইটহাউছ নিৰ্মাণৰ পৰিকল্পনা।
আনহাতে, গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত ৱাটাৰ মেট্ৰ'ৰ কাৰ্যকাৰিতাৰ সম্ভাব্যতা অধ্যয়ন সম্পূর্ণ হৈছে আৰু সম্ভৱপৰ বুলি পোৱা গৈছে আৰু কেন্দ্ৰীয় আঁচনিৰ অধীনত ক্রুজ জাহাজ ক্রয় কৰা হৈছে। মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বাবে অভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু জলভিত্তিক পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰৰ প্ৰচেষ্টা চলি আছে। ইণ্ডো-বাংলাদেশ প্রট'কল ৰুটৰ কাৰ্যকৰীকৰণে শিলিগুৰি কৰিডৰৰ পৰিৱৰ্তে নতুন বাণিজ্যিক পথৰ সুবিধা প্রদান কৰিছে, আঞ্চলিক সংযোগ শক্তিশালী কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ বৃহত্তৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি যাৱতীয় পদক্ষেপ ত্বৰান্বিত কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইফালে, কালাদান মাল্টিম'ডেল ট্রানজিট ট্রান্সপর্ট প্রকল্পৰ স্থিতি সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত সর্বানন্দ সোণোৱালে কয়, "কালাদান মাল্টিম"ডেল ট্রানজিট ট্রান্সপট প্রকল্প হৈছে ভাৰত-ম্যানমাৰৰ ঘনিষ্ঠ বন্ধুত্বপূৰ্ণ চুক্তিৰ ফল। এইটো এক কৌশলগত পদক্ষেপ যাৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ম্যানমাৰৰ মাজৰ সংযোগ বৃদ্ধি পাব। ই ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব। ম্যানমাৰৰ চিটৱে বন্দৰ সম্পূৰ্ণৰূপে কার্যকৰী হ'লে এই অঞ্চলে উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰাৰ উপৰি বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰ বাবেও নতুন বাণিজ্যৰ সুযোগ মুকলি কৰিব।
একেদৰে, পর্যটন আৰু স্থানীয় বাণিজ্যৰ প্ৰসাৰৰ সন্দৰ্ভতো সর্বানন্দ সোণোৱালে জনায় যে, শিলঘাট, নিমাতী, বিশ্বনাথ ঘাট আৰু গুইজানত নতুন পর্যটন আন্তঃগাঁথনি আৰু পণ্য জেটি নির্মাণৰ বাবে ৩০০ কোটি টকা বিনিয়োগ কৰা হ'ব। আধুনিক নগৰীয় পৰিবহণৰ দিশত এটা প্রধান পদক্ষেপ হিচাপে গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে, যাৰ সম্ভাৱ্যতা অধ্যয়ন ইতিমধ্যে সম্পন্ন কৰা হৈছে। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ সমর্থনত, আই এম ডি কেন্দ্ৰৰ সহযোগত সঠিক স্থানীয় বতৰৰ পূৰ্বাভাস প্ৰদানৰ বাবে চৰকাৰে পাণ্ডু, তেজপুৰ, বিশ্বনাথ আৰু বগীবিলত লাইটহাউছ স্থাপন কৰিব বুলিও উল্লেখ কৰে সর্বানন্দ সোণোৱালে।