গহপুৰ সমজিলাৰ এগৰাকী চৰ্চিত যুৱ শিক্ষকঃ বহু চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে হ’ব পাৰে আদৰ্শ

মিকিৰ বৰাচুক অঞ্চলত ১৯৭৫চনত স্থাপিত ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এই যুৱ শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত শৈক্ষিক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। 

author-image
Asomiya Pratidin
New Update
গহপুৰ সমজিলাৰ এগৰাকী চৰ্চিত যুৱ শিক্ষকঃ  বহু চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে হ’ব পাৰে আদৰ্শ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: সমগ্ৰ দেশবাসীয়ে আজি শ্ৰদ্ধা সহকাৰে পালন কৰিছে পবিত্ৰ শিক্ষক দিৱস। ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা মহান শিক্ষক, দাৰ্শনবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ ছেপ্টেম্বৰৰ দিনটোক সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 

শিক্ষক দিৱস হৈছে শিক্ষকসকলৰ অৱদান আৰু পৰিশ্ৰমক সন্মান জনোৱাৰ বিশেষ দিন। শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত গহপুৰ সমজিলাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে বিদ্যালয়খনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে আগবঢ়োৱা অৱদান আৰু পৰিশ্ৰমৰ বিষয়ে ৰাইজক জনোৱাৰ প্ৰয়াস কৰিছো। 

গহপুৰ সমজিলাৰ ছয়দুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম কলাবাৰী মণ্ডল সমল কেন্দ্ৰৰ অধীনত মিকিৰ বৰাচুক অঞ্চলত ১৯৭৫চনতে স্থাপিত ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এই যুৱ শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত শৈক্ষিক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। 

বৃহত্তৰ মিকিৰবৰাচুক অঞ্চলৰ লগতে সমীপৱৰ্তী আউনিবাৰী, ১নং শঁকুৰা, ২নং শঁকুৰা, চাৰিঘৰীয়া আদি অঞ্চলৰ অভিভাৱক-অভিভাৱিকাসকলক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰি নিজৰ নিজৰ পুত্ৰ-কন্যাক উক্ত বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা এইগৰাকী শিক্ষকৰ নাম সৰ্বা হাজৰিকা। ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰ্বা হাজৰিকাই সহ-শিক্ষয়িত্ৰী বন্দিতা বৰাৰ সৈতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ পাঠদান কৰি শিক্ষকতাৰ দৰে মহান বৃত্তিত সোণত সুৱগা চৰাইছে। 

গহপুৰ সমজিলাৰ এগৰাকী চৰ্চিত যুৱ শিক্ষকঃ  বহু চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে হ’ব পাৰে আদৰ্শ

যাৰ ফলত বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ পৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰি পৰৱৰ্তী সময়তো সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সৰ্বা হাজৰিকাই নিজৰ পুত্ৰকো উক্ত বিদ্যালয়তে পঢ়োৱাই এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি বৰ্তমানৰ সমাজখনলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। 

প্ৰধান শিক্ষক সৰ্বা হাজৰিকা আৰু সহ-শিক্ষয়িত্ৰী বন্দিতা বৰাৰ উপৰিও অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিদ্যাজ্যোতি আঁচিনৰ অধিনত শিক্ষাদান দি থকা এগৰাকী স্থানীয় যুৱকৰ প্ৰচেষ্টাত ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ে গহপুৰ সমজিলাৰ ভিতৰতে সুনাম অৰ্জন কৰিছে। 

কৌশলগত তথা মনোগ্ৰাহী শিক্ষন পদ্ধতি, ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়খনত চৌপাশে উপযুক্ত তথা আকৰ্ষণীয় শৈক্ষিক বাতাবৰণ সৃষ্টি কৰি ব্যাপক ভাবে সফলতা লাভ কৰা ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ে প্ৰধান শিক্ষক সৰ্বা হাজৰিকাৰ কৰ্তব্যপৰায়নতা, দ্বায়িত্ববোধ, উপযুক্ত শিক্ষা প্ৰদানৰ বাবে ইতিমধ্যে গহপুৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা প্ৰজ্ঞান মুক্ত পুথিভড়ালৰ প্ৰথম বঁটা, সমগ্ৰ শিক্ষা বিশ্বনাথৰ জিলা মিচন সমন্বয়ৰ কাৰ্যালয়ৰ তৰফৰ পৰা শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোট বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে। 

ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰ্বা হাজৰিকাই সহশিক্ষয়িত্ৰী বন্দিতা বৰাৰ সহযোগত বিদ্যালয়খনৰ শৈক্ষিক দিশৰ লগতে সহ বিদ্যায়তনিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত সকলোৱে জনাইছে শুভকামনা।

ছয়দুৱাৰ গহপুৰ শিক্ষক