কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

কাইলৈ বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য। প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পীসকল। এই দিনটোৰ বাবে অতি আনন্দৰে বাট চাই ৰয় ছাত্ৰ ছাত্ৰীসকলে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  কাইলৈ সৰস্বতী পূজা। ৰাজ্যজুৰি চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱীক আদৰিবলৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। সৰস্বতী পূজাৰ বাবে প্ৰয়োজনীয় কাম কাজত ব্যস্ত ছাত্ৰ-ছাত্ৰীসকল। এই দিনটোৰ বাবে অতি আনন্দৰে বাট চাই ৰয় ছাত্ৰ ছাত্ৰীসকলে। 

eco friendly sarswati puja,murti making 2021

তাৰ সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তিৰ শিল্পীসকলো,সৰস্বতী পূজাৰ বাবে মা সৰস্বতীৰ মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰে প্ৰতিজন মৃৎ শিল্পী। সৰস্বতী প্ৰতিমা সজোৱাত ব্যস্ত এতিয়া প্ৰতিজন প্ৰতিমাৰ খনিকৰ। দিন-ৰাতি একাকাৰ কৰি তেওঁলোকে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। মৃণ্ময় মূৰ্তিক প্রাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। 

উল্লেখ্য যে, এই দিনটোৰ বাবে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে সৰস্বতীৰ মাৰ চৰণত এপাঁহ ফুল দি সেৱা কৰাৰ মানস কৰিছে। বিদ্যা, জ্ঞান আৰু সফলতাৰ কামনাৰে দেৱীৰ আশীৰ্বাদ লোৱাৰ বাবে সকলো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। সেই উদ্দেশ্যেই আজিৰ দিনত মৃৎশিল্পীসকলে পূজাৰ প্ৰস্তুতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দিনে-ৰাতিয়ে মূৰ্ত্তি নিৰ্মাণৰ কামত জড়িত হৈ আছে।

সৰস্বতী পূজা