/asomiyapratidin/media/media_files/2025/10/04/saraswat-10-2025-10-04-20-11-41.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আজি সোধপোছৰ বাবে চি আই ডিয়ে তলব কৰিছিল দুই সাংবাদিক ক্ৰমে প্ৰণয় বৰদলৈ আৰু সৰস্বত গোস্বামীক। ইয়াৰে সৰস্বত গোস্বামীয়ে চি আই ডিৰ তদন্তকাৰী দলৰ সন্মুখত নিজৰ ভাষ্য প্ৰদান কৰিলে।
তেওঁ চি আই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহি সাংবাদিকৰ আগত কয়, ১৯ ছেপ্তেম্বৰৰ দিনা এই ঘটনা সংঘটিত হোৱাৰ পাছতে নিশাই ছিংগাপুৰলৈ যাত্ৰা কৰি পাছদিনা পুৱা উপস্থিত হৈছিল। সেই সন্দৰ্ভত গোটেই বিষয়বোৰ তেওঁলোকে সোধপোছ কৰিছে।
তেওঁ আৰু কয়, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত চিকিৎসালয়ত কি দেখিছিলো সেই সন্দৰ্ভত সকলো তথ্য এছ আই টিৰ আগত প্ৰদান কৰিছো। তাৰোপৰি তেওঁ অন্যান্য সাংবাদিকৰ দৰেই বাতৰি সংগ্ৰহ কৰিছিলো বুলি উল্লেখ কৰি সংগ্ৰহ কৰা সকলো ভিডিঅ’ এছ আই টিৰ হাতত জমা দিয়া বুলিও জনাইছে।
তেওঁ জনাইছে যে, এছ আই টিৰ হাতত ছিংগাপুৰলৈ যোৱাৰ সকলো তথ্যপাতি জমা দিছে। পৰৱৰ্তী সময়ত যদি এছ আই টিৰ সন্মুখত পুনৰ হাজিৰ হ’ব লাগে তেন্তে তেওঁ হাজিৰ হ’ব বুলিও কথা দিছে।
উল্লেখ্য যে, সাংবাদিক সৰস্বত গোস্বামী DY365 ৰ দিল্লীস্থিত সাংবাদিক। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ছিংগাপুৰলৈ গৈ বাতৰি সংগ্ৰহ কৰিছিল। সেই সময়ত তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা অনুসৰি যিহেতু তেওঁৰ হাতত থকা ছিংগাপুৰৰ পৰ্যটন ভিছাৰ ম্যাদ শেষ হোৱা নাছিল সেয়ে তাৎক্ষণিভাৱে ছিংগাপুৰলৈ গৈ বাতৰি সংগ্ৰহ কৰিছিল। কিন্তু পৰ্যটন ভিছাৰে সংবাদ গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা আইনী বাধাৰ বাবে পৰৱৰ্তী সময়ত তাৰ পৰা উভতি আহিছিল।
ইফালে দিনৰ ভাগতে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল আন এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সম্পাদক প্ৰণয় বৰদলৈ। চি আই ডিৰ কাৰ্যালয়ত সোমোৱাৰ পূৰ্বে তেওঁ সাংবাদিকৰ সৈতে মুখামুখি হয়।
সাংবাদিকৰ আগত তেওঁ জনোৱা অনুসৰি ২ অক্টোবৰত চি আই ডিৰ এছ পি তৰুণ গোৱেলে মেচেজ দি তেওঁৰ ভাষ্য গ্ৰহণ কৰিবলৈ মাতিছিল। কিন্তু বৰদলৈৰ পত্নীৰ ভাতৃৰ মৃত্যু হোৱাৰ বাবে তেওঁ ২ আৰু ৩ অক্টোবৰত হাজিৰ হোৱাৰ পৰিবৰ্তে ৪ অক্টোবৰ শনিবাৰেহে হাজিৰ হয়।
তেওঁ কয়, মই যিহেতু ঘটনাৰ পাছত, হাস্পতালত জুবিনৰ মৃত্যু হোৱাৰ পাছত গৈ পাইছিলো। তাত কি দেখিলো, নেদেখিলো সেইখিনি মই কৈছিলো। ৩০ বছৰ সাংবাদিকতা কৰিলো। সকলোৱে জানে মই সদায় নিৰপেক্ষ। সততাৰে কাম কৰি আহিছো। ইয়াত লুকুৱাবলগীয়া একো নাই।
তেওঁ আৰু কয়, কোনোবাই কোনোবাই কৈছে মই একো কোৱা নাই। মই ক’ত কম? মই মোৰ চেনেলত কৈছো। মই সেইদিনা হাস্পতালত গৈ যি দেখিলো সেই ঘটনা মোৰ চেনেলত কৈছিলো আৰু দুদিন ধৰি সেইখিনি কথাই বাজিছিল। তাৰ পাছত মই ফেচবুকৰ জৰিয়তেও সেই কথাখিনি জনাইছিলো। তাৰ পাছতো কোনোবাই কোনোবাই কৈছে মই একো কোৱা নাই।
উল্লেখ্য যে, আন এগৰাকী সাংবাদিককো চি আই ডিয়ে তলব কৰা বুলি জানিব পৰা গৈছিল যদিও সেই সাংবাদিকগৰাকী অৱশ্যে এতিয়ালৈকে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই। তেওঁ কেতিয়া হাজিৰ হ'ব সেই সন্দৰ্ভতো কোনো খবৰ লাভ কৰা নাই।