/asomiyapratidin/media/media_files/2025/12/02/p-2025-12-02-08-41-53.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱসৰ আয়োজন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ প্ৰাংগনতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিব অসম দিৱস ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-image-2025-12-02-08-35-04.jpeg)
আহোমৰ ছয় শ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক উজ্বলাই তোলা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু চুকাফা আঞ্চলিক সমিতিয়ে বৰ অসম গঢ়োতা স্বৰ্গদেউ চ্যুকাফাক স্মৰণ কৰি আয়োজন কৰা এই কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন,মৈদাম তৰ্পণ, টাই পৰম্পৰা ৰীতি-নীতিয়ে বান-ফি আৰু চাওলুং চুকাফাৰ মৈদামত বন্তি প্ৰজ্বলন কৰিব ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-image-2025-12-02-08-35-21.jpeg)
ইয়াৰ পাচতেই অসমীয়া জাতিৰ স্ৰষ্টা গৰাকীৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰিব ৷ দুপৰীয়া ছাত্ৰছাত্ৰী সকলৰ মাজত এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ বিয়লি অনুষ্ঠিত হ’বলগীয়া মুকলি সভা আৰু বঁটা বিতৰণ সভাত বহু গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি বুলি জানিব দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us