/asomiyapratidin/media/media_files/2025/10/14/yhhhss-2025-10-14-09-44-39.jpg)
ডিজিটেল সংবাদ,চাপৰঃ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাপৰ পৌৰসভাৰ পাচঁ নং ৱাৰ্ডত ভুমি দখলৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাপৰ পৌৰসভাৰ উপ-পৌৰপতি অৰুণ কুমাৰ নাগ ওৰফে মনা নাগৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। চাপৰ পৌৰসভাৰ এক নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিৰোকানন্দ ৰায়ে আজি এক সংবাদ মেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে।
তেওঁ কয়, উপ-পৌৰপতি অৰুণ কুমাৰ নাগে ক্ষমতাৰ বলত বলিয়ান হৈ বেআইনীভাৱে প্ৰয়াত পূৰ্ণানন্দ ৰায়ৰ নামত থকা ৮৪, ৮৬ আৰু ১৯৭ নম্বৰ দাগত থকা ভমিৰ ৯ লেছা ভুমি দখল কৰিবলৈ চেষ্টা কৰি আছে। ইতিমধ্যে ভুমি দখলৰ বাবে উক্ত স্থানত নিশাৰ সুযোগত ৰাতি-ৰাতি দেৱালৰ কাম চলাই আছে। ভুক্তভোগী ৰায়ে আগবঢ়োৱা অভিযোগ অনুসৰি, এই ভুমিটো লৈ পূৰ্বে এক আইনী প্ৰক্ৰিয়া চলিছিল।
২০০৭ চনত তেওঁলোকৰ পৰিয়ালে বিলাসীপাৰা মুনছিফ আদালতত Title Suit No. 46/2007 দাখিল কৰিছিল। বহু বছৰ ধৰি চলা শুনানিৰ অন্তত ২০১৩ চনৰ ১০ ডিচেম্বৰত আদালতে তেওঁলোকৰ পক্ষে ৰায় ঘোষণা কৰে। উক্ত ৰায়ৰ বিৰুদ্ধে অৰুণ কুমাৰ নাগে ধুবুৰী ছেছন আদালতত আপিল কৰে, যদিও ছেছন আদালতে হিৰোকানন্দ ৰায়ৰ পক্ষেই ৰায়দান দিয়ে।
তাৰ পিছত পুনৰ অৰুণ নাগে উক্ত ৰায়ৰ বিৰুদ্ধে গৌহাটি উচ্চ ন্যায়ালয়ত R.S.A. No. 314/2017 নম্বৰত আপিল দাখিল কৰে, যিটো এতিয়াও উচ্চ ন্যায়ালয়ত পৰ্যালোচনাধীন অৱস্থাত আছে। তেনে অৱস্থাত উপ-পৌৰপতিয়ে গৰাকীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰি ভুমিডোখৰ দখলৰ উদ্দেশ্যে বে-আইনীভাৱে দেৱাল নিৰ্মাণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।