/asomiyapratidin/media/media_files/2025/08/12/82-2025-08-12-23-15-29.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিস্থিত পূৱ জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰত ভক্তিপূৰ্ণ পৰিবেশত মঙলবাৰে 'শাওণৰ শৰাইৰ এদিন' অনুষ্ঠান অনুষ্ঠিত হয় । বৃহত্তৰ অঞ্চলটোৰ এক ভব্য শিৱ উপসনাৰস্থল হিচাপে পৰিচয় থকা থানখনিত সামূহিক মংগল কামনাৰে আজি পুৱাৰে পৰা উলহ-মালহ পৰিবেশত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হয় অনুষ্ঠানৰ।
অনুষ্ঠানৰ পুৱাৰ ভাগত জলাৰোহণ, স্নান, তৰ্পণ, ভজন, শৰাই-শলিতা অৰ্চন-বন্দন, দুপৰীয়া ভোগ বিতৰণৰ পিছত বিয়লি অঞ্চলৰ মহিলা সকলৰ দ্বাৰা মহানাম আয়োজন কৰা হয় । মহানামৰ ধ্বনিয়ে সমগ্ৰ অঞ্চল মুখৰিত কৰি তোলে ।
উল্লেখ্য যে প্ৰায় তিনি শতাধিক গৃহস্থৰ শৰাইৰ বন্দনাৰে শাওণৰ শৰাইৰ এদিন মুখৰিত হৈ উঠে । পৰৱৰ্তী সন্ধিয়াৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।
অনুষ্ঠানৰ সফল ৰূপায়নৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ ভূঞা, সম্পাদক ইন্দ্ৰকান্ত নাথ আৰু উৎসৱ উদযাপন সমিতিৰ সভাপতি পদ্মকান্ত নাথ, সম্পাদক শশীকান্ত নাথে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।