ছয়গাঁৱৰ আন্ধেটাৰীত বিবাহিতা মহিলা নিৰুদ্দেশ…

ছয়গাঁৱৰ আন্ধেটাৰীত বিবাহিতা মহিলা নিৰুদ্দেশ…

author-image
asomiyapratidin
New Update
ছয়গাঁৱৰ আন্ধেটাৰীত বিবাহিতা মহিলা নিৰুদ্দেশ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ জামবাৰী আৰক্ষী চকীৰ অন্তৰ্গত আন্ধেটাৰীত ১৭ ছেপ্টেম্বৰত ভাড়াতীয়া ঘৰৰ পৰা বিবাহিতা মহিলা এগৰাকী নিৰুদ্দেশ হৈছে৷ জানিব পৰামতে জামবাৰীৰ আন্ধেটাৰী গাঁৱৰ আহম্মেদ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা গৰৈমাৰীৰ কাণহাৰা গাঁৱৰ ফজিলা খাতুন(৩০)নামৰ মহিলাগৰাকী যোৱা ১৭ ছেপ্টেম্বৰৰ নিশা ভাড়াঘৰৰ পৰা নিৰুদ্দেশ হয়৷

Advertisment

 ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ ৪.৪ ফুট দৈৰ্ঘ্যৰ মিঠা বৰণৰ মহিলাগৰাকী নিৰুদ্দেশৰ সময়ত শাৰী পৰিধান কৰিছিল৷ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে মঙলবাৰে জামবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷

 কোনো সচেতন ব্যক্তিয়ে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা নতুবা ৮৬৩৮০-২৮২৫২ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷