২১ জানুৱাৰীৰ পৰা‌ চিলাপথাৰত সন্তোষ ট্ৰফীৰ খেল! নগৰ সংযোগী সকলো বাট পথ মেৰামতিৰ দাবী আছুৰ...

অহা ২১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা ' সন্তোষ ট্ৰফী ২০২৬'। অভিলেখ সৃষ্টি কৰি পোন প্ৰথমবাৰৰ বাবে এই খেল অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
sffsffsf

ডিজিটেল সংবাদ, চিলাপথাৰঃ   অহা ২১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা ' সন্তোষ ট্ৰফী ২০২৬'। অভিলেখ সৃষ্টি কৰি পোন প্ৰথমবাৰৰ বাবে এই খেল অনুষ্ঠিত হ'ব চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত। ঘৰুৱা দল অসম, মেঘালয়,তামিলনাডু,পশ্চিমবংগ, চত্তীশগড়,উৰিষ্যা,কেৰেলা, উত্তৰাখণ্ড,নাগালেণ্ড,পাঞ্জাব, ৰাজস্থান আদি ১২ খনকৈ ৰাজ্যৰ দলে ৰাষ্ট্ৰীয় খিতাপৰ বাবে যুঁজ দিব চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত।

ইপিনে দেশৰ ভিতৰতে চৰ্চিত আৰু সমাদৃত খেল এখন আয়োজন কৰিছে যদিও আজি পৰ্যন্ত চিলাপথাৰৰ অঞ্চলৰ বাট পথ সুচল কৰি তোলাত ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ উজাৰিছে। সংঠনটোৰ চিলাপথাৰ আঞ্চলিকৰ সভাপতি অংকুৰ হাজৰিকা আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ফুকনে আজি প্ৰেৰণ কৰা এক প্ৰেছ টোকাৰ জৰিয়তে বিষয়টো প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে।

প্ৰেছ টোকাটোত সংগঠনটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পূৰ্বে চিলাপথাৰ নগৰ সংযোগী ক্ৰমে পুকীয়া পথ,লাচিত বৰফুকন,কুলামুৱা পথ,ষ্টেচন পথ,কালীবাৰী পথ আদি  গুৰুতত্বপূৰ্ন পথবোৰ আজিলৈকে মেৰামতিৰ ব্যৱস্থা কৰা নাই। অথচ সংগঠনটোৱে অঞ্চলটোৰ যাতায়ত দীৰ্ঘ দিনৰ পৰাই সুচল কৰি তোলাৰ দাবী উত্থাপন কৰি আহিছে।

 সন্তোষ ট্ৰফীৰ আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী- বিধায়কে সামাজিক মাধ্যম পৃষ্ঠা ভৰ্তি কৰিছে। কিন্তু প্ৰতিযোগিতালৈ খেলুৱৈই আৰু দৰ্শক অহা যোৱা কৰা বাট পথবোৰ সময়োচিত মেৰামতিৰ পদক্ষেপ লোৱা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে বিহীত ব্যাৱস্থা গ্ৰহণৰ দাবী জনাইছে।

চিলাপথাৰ