/asomiyapratidin/media/media_files/2026/01/18/wrijuiyurftyugyu-2026-01-18-18-32-09.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসমৰ ফুটবল প্ৰেমী সকলৰ বাবে সুখবৰ। সম্পূৰ্ণ ১৫ বছৰ বিৰতিৰ অন্তত অসমত অনুষ্ঠিত হবলৈ গৈ আছে সৰ্বভাৰতীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা। অসম ফুটবল এচ'চিয়েচনৰ উদ্যোগত, ঢকুৱাখনা আৰু ধেমাজি ক্ৰীড়া সন্থাৰ সহযোগত অহা ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হব সৰ্বভাৰতীয় স্তৰৰ ফুটবলৰ চূড়ান্ত পৰ্য্যায়ৰ খেল।
দেওবাৰে এক সংবাদমেলত এই সুখবৰ দিয়ে অসম ফুটবল সন্থাৰ সভাপতি, বিধায়ক নব কুমাৰ দলেয়ে। ঢকুৱাখনা সমজিলাৰ মাতমৰাত অনুষ্ঠিত বিস্তুৰাম দলে ক্ৰীড়া প্ৰকল্পত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এই সংবাদমেলৰ।
ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ,অসম ফুটবল এছোচিয়েচনৰ কোষাধ্যক্ষ হীৰেন গগৈ, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱা, সম্পাদক অচ্যুত চত্ৰধৰাকে প্ৰমুখ্য কৰি ফুটবল ফেডাৰেচনৰ বিষয়ববীয়া উপস্থিত থকা সংবাদমেলত বিধায়ক তথা সভাপতি দলেয়ে জনোৱা মতে অহা ২১জানুৱাৰীৰ দুপৰীয়া শুভ উদ্বোধন হব এই বহু আকাংক্ষিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা।
অসম অলিম্পিক সন্থাৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দীতা গার্লোচা , শিক্ষা মন্ত্রী ডাঃ ৰনোজ পেগু ,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আদি বহু সংখ্যক বিশিষ্ট ব্যক্তি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব।
ইফালে, সৰ্বভাৰতীয় স্তৰৰ এই খেল অনুষ্ঠিত কৰিবলৈ ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত মাতমৰাৰ বিস্তুৰাম দলে ক্ৰীড়া প্ৰকল্প সৰ্বতো প্ৰকাৰে উপযোগী কৰি তুলিছে আয়োজক পক্ষই। সংবাদমেলত বিগত ডেৰ দশকৰ অন্তত ৰাজ্যখনৰ উত্তৰ অসমত অনুষ্ঠিতব্য এই উন্নত মানদণ্ডৰ খেল অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে বিধায়ক তথা সভাপতি গৰাকীয়ে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনক কৃতজ্ঞতা জ্ঞাপন কৰি চূড়ান্ত পৰ্য্যায়লৈ নিৰ্বাচিত দেশৰ ১২ টা বিজয়ী ফুটবল দলে অংশগ্ৰহণ কৰিব বুলি কৈ অহা ৮ ফেব্ৰুৱাৰীত প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে।
আনহাতে, প্ৰতিযোগিতাত আয়োজক দল অসমে পোনপটীয়াকৈ সোমাব আৰু পূৰ্বৰ বিজয়ী আৰু বিজিত দল পশ্চিমবংগ আৰু কেৰেলা দলে প্ৰত্যক্ষ ভাবে অংশগ্ৰহণ কৰিব পাৰিব বুলি ব্যক্ত কৰে। এই খেলৰ বাবে প্ৰায় ২৬৪ গৰাকী খেলুৱৈসহ মুঠ ৪০০ গৰাকী খেলুৱৈ, প্ৰশিক্ষক, বিষয়ববীয়া উপস্থিত থাকিব বুলি জানিবলৈ দি তেওঁলোকৰ থকা খোৱাৰ বাবে সুব্যৱস্থা সম্পূৰ্ণ হোৱাৰ কথা সদৰি কৰি প্ৰতিযোগিতাৰ সমূহ "ফিফা"ই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব বুলিও অৱগত কৰে।
ফুটবল প্ৰেমী সকলৰ লগতে যুৱ প্ৰজন্মক এই সৰ্বভাৰতীয় স্তৰৰ ফুটবল খেল মাতমৰাৰ ক্ৰীড়া প্ৰকল্পৰ পৰা প্ৰত্যক্ষভাৱে চোৱাৰ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৰাজ্যখনৰ ক্ৰীড়া প্ৰেমীৰ সঁহাৰি আন্তৰিকতাৰে কামনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us