টীম ছাৰ্ভিচেছলৈ ৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ বিজয় খিতাপ

ৰাষ্ট্ৰীয় স্তৰৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফীৰ চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিলে চাৰ্ভিছ দলে। চূড়ান্ত খেলত চাৰ্ভিছ দলে কেৰালা দলক ১-০ গলত পৰাজিত কৰি চেম্পিয়ন খিতাপ অর্জন কৰে।

author-image
Asomiya Pratidin
New Update
FOOTNBALLL

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাষ্ট্ৰীয় স্তৰৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফীৰ চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিলে চাৰ্ভিছ দলে। দেওবাৰে ঢকুৱাখনাৰ মাতমৰাস্থিত বিষ্টুৰাম দলে ক্রীড়া প্রকল্পত অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত চাৰ্ভিছ দলে কেৰালা দলক ১-০ গলত পৰাজিত কৰি চেম্পিয়ন খিতাপ অর্জন কৰে। প্ৰবল উত্তেজনাপূৰ্ণ, শ্বাসৰুদ্ধকাৰী খেলত অভিজিত পাণ্ডেৰ একমাত্ৰ গলৰ জোৰত চাৰ্ভিছেজ দলে বিজয় গৌৰৱৰ অংশীদাৰ হ’বলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে ধেমাজি, চিলাপথাৰৰ ক্রীড়া প্রকল্পাত যোৱা ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল ভাৰতৰ আটাইতকৈ পুৰণি আৰু পৰম্পৰাগত ফুটবল ৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্রফী ফুটবল প্রতিযোগিতা। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত সুদীর্ঘ ১৫ বছৰৰ পিছত অসমত অনুষ্ঠিত হোৱা সন্তোষ ট্রফী চূড়ান্ত পৰ্য্যায়ৰ ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলৰ মাদকতা উপভোগ কৰিবলৈ ৰাজ্যখনৰ ভিন্ন জিলাৰ পৰা ফুটবল প্ৰেমীৰ সমাগম ঘটে।

দেওবাৰে অনুষ্ঠিত ফাইনেল খেলত অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, মন্ত্ৰী ৰণোজ পেগু, সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কোষাধক্ষকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজয়ী আৰু বিজিত দলক ট্ৰফী প্ৰদান কৰে।

ফুটবল