আলোকসজ্জাৰে জিলিকিছে গীৰ্জাসমূহঃ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ কাইলৈ ধৰালৈ আহিব চান্তা...

 আজি মাজনিশাৰ পৰাই গীৰ্জাসমূহত অনুষ্ঠিত হ’ব বিশেষ ধৰ্মীয় প্ৰাৰ্থনা সভা বা ‘মিডনাইট মাছ’। যীশুক আদৰাৰ বাবে কেৰল গীতৰ সুৰেৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ।

author-image
Asomiya Pratidin
New Update
new ap web3 (1)

ডিজিটেল ডেস্কঃ  কাইলৈ ২৫ ডিচেম্বৰ। মানৱতা, ক্ষমা আৰু শান্তিৰ বাৰ্তাৰে উদযাপিত হ’ব পবিত্ৰ বৰদিন বা খ্ৰীষ্টমাছ। সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এই মহান উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

কাইলৈ যীশুখ্ৰীষ্টৰ শুভ জন্মদিন উপলক্ষে ৰাজ্যৰ চুকে-কোণে থকা গীৰ্জাসমূহ আলোকসজ্জা আৰু ৰং-বিৰঙী সাজেৰে সজাই তোলা হৈছে। গুৱাহাটীৰ ঐতিহাসিক পানবজাৰ ডন বস্কো গীৰ্জা, শান্তিনিবাস আৰু পল্টনবজাৰ বেপ্টিষ্ট চাৰ্চত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

 আজি মাজনিশাৰ পৰাই গীৰ্জাসমূহত অনুষ্ঠিত হ’ব বিশেষ ধৰ্মীয় প্ৰাৰ্থনা সভা বা ‘মিডনাইট মাছ’। যীশুক আদৰাৰ বাবে কেৰল গীতৰ সুৰেৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ। প্ৰতিটো গীৰ্জাৰ লগতে বাসগৃহসমূহতো স্থাপন কৰা হৈছে যীশুৰ জন্মৰ দৃশ্য সম্বলিত স্থান আৰু দৃষ্টিনন্দন খ্ৰীষ্টমাছ ট্ৰী।

বৰদিনক কেন্দ্ৰ কৰি বজাৰসমূহতো গ্ৰাহকৰ অভূতপূৰ্ব ভিৰ দেখা গৈছে। বিশেষকৈ কেক, চকলেট আৰু চাণ্টাক্লজৰ পোছাক ক্ৰয় কৰিবলৈ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে উৎসাহ দেখুৱাইছে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে এই আনন্দত ভাগ লৈছে। 

বৰদিন খ্ৰীষ্টমাছ