/asomiyapratidin/media/media_files/2025/12/25/whatsapp-imag-2025-12-25-23-28-20.jpeg)
ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ বৰদিন। প্ৰতিটো গীৰ্জা ঘৰত এক আনন্দৰ পৰিৱেশ। কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকেই নহয়, পৃথিৱীৰ আন ধৰ্মৰ লোকেও এই উৎসৱত অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/download-8-2025-12-25-23-29-42.jpg)
উলিলেখ্য যে, ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বৰদিন উদযাপন কৰিছে। জনবিশ্বাস আছে যে- বৰদিনৰ দিনা ছান্টাক্লজ আহি মানুহৰ ইচ্ছাসমূহ পূৰণ কৰে। কিন্তু ছান্টা কোন? যীশুৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছে। প্ৰকৃততে ছান্টাক্লজ নামেৰে পৰিচিত ব্যক্তিজনৰ নাম আছিল ছেইণ্ট নিকোলাছ। তেওঁ আছিল আধুনিক তুৰস্কৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত প্ৰাচীন লাইচিয়াৰ এখন চহৰ মায়ৰাৰ। বৰ্তমান ই তুৰস্কৰ আন্টালিয়া প্ৰদেশৰ অংশ। তেওঁৰ জন্ম হৈছিল ২৮০ খ্ৰীষ্টাব্দত তুৰ্কমেনিস্তানৰ এই মায়ৰা চহৰত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/download-5-2025-12-25-23-30-11.jpg)
ইপিনে যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত ছেইন্ট নিকোলাছৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩৪৩ চনৰ ৬ ডিচেম্বৰত মায়ৰা চহৰত তেওঁৰ মৃত্যু হয়। ছান্টাক্লজ জীয়াই আছে বুলি এক ধৰ্মীয় বিশ্বাস আছে। যিসকলে ছান্টাক বিশ্বাস কৰে, তেওঁলোকৰ হৃদয়ত তেওঁ জীয়াই আছে। কিন্তু মায়ৰাৰ ছেইন্ট নিকোলাছেই ছান্টাক্লজৰ ঐতিহাসিক চৰিত্ৰটোৰ বাবে প্ৰেৰণা হৈ পৰিছিল।এনেদৰেই সকলোৰে ঘৰে ঘৰে আহি ছান্টাক্লজে উপহাৰসমূহ দি থৈ যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/download-7-2025-12-25-23-30-28.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us