/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-21-00-58.jpg)
ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত নমাৰ পৰিকল্পনা কৰিছে নেকি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। ইয়াক লৈ চলিছে বহু জল্পনা-কল্পনা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2026-01-10-21-01-47.jpeg)
শংকৰজ্যোতি বৰুৱাই কংগ্ৰেছ দলত যোগদান কৰিব বুলি খবৰ বিয়পি পৰিছে। সেই খবৰ অস্বীকাৰ কৰিছে ছাত্ৰ নেতাগৰাকীয়ে। সামাজিক মাধ্যমত শংকৰজ্যোতি বৰুৱাই লিখিছে- মোৰ মাতটো একেবাৰে ভাঙি আছে গতিকে ফোনটো বন্ধ কৰি ৰাখিছো কথা পাতিবলৈ অসুবিধা।দিনটোৰ ৰাজনৈতিক বাতৰি সৰ্ন্দভত ইতিমধ্যে মত প্ৰকাশ কৰিছো।বহুতে খবৰ লৈছে ফোন কৰিছে পৰাৰ্মশ দিছে সকলোকে ধন্যবাদ।সদায় ৰাইজৰ বাবে কাম কৰি যাম আৰু যি সিদ্ধান্ত লও আপোনালোক সকলোকে জ্ঞাত কৰিম আগতিয়াকৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2-2026-01-10-21-02-15.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us