যুৱতী নিৰ্যাতন গোচৰত শংকৰজ্যোতি বৰুৱালৈ পূৰ্ণাংগ জামিন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ সম্পৰ্ক কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ লগতে এই বিষয়ত মানসিকভাৱে অশান্তিত ভুগি থকা কথাও উল্লেখ কৰিছিল ছাত্ৰী গৰাকীয়ে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-10 at 5.33.09 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  প্ৰায় এবছৰৰ পিছত সকাহ পালে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। যুৱতী নিৰ্যাতন গোচৰত শ্ৰী বৰুৱাক গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ণাংগ জামিন মঞ্জুৰ কৰে। 

একেটা গোচৰতে বিগত বৰ্ষৰ ২৩ ছেপ্তেম্বৰত অন্তৰ্ৱতী জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। তেওঁৰ হৈ আদালতত যুক্তি আগবঢ়াই জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাই। 

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ সম্পৰ্ক কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ লগতে এই বিষয়ত মানসিকভাৱে অশান্তিত ভুগি থকা কথাও উল্লেখ কৰিছিল ছাত্ৰী গৰাকীয়ে ।

যুৱতীগৰাকীয়ে কেতবোৰ বিস্ফোৰক অভিযোগ ৰাজহুৱাভাৱে উত্থাপন কৰাৰ লগতে আৰক্ষীৰ ওচৰত গোচৰো ৰুজু কৰিছিল ৷ এই নাৰীকেন্দ্ৰিক বিৰ্তকৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতি বৰুৱাই।

শংকৰজ্যোতি বৰুৱা