আজি মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথি...

পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী, সত্ৰনগৰী বৰপেটাৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱে গুৰুজনাৰ নাম-কীৰ্তন কৰিছে।

author-image
Asomiya Pratidin
New Update
170

ডিজিটেল ডেস্ক : 'মাতৃ নামে সত্যসন্ধ্যা, পিতা কুসুমবৰ, তেওঁৰে পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰ'। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে ব্যাপক আয়োজন কৰিছে ভক্তসকলে। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিবেশ।

Advertisment

ভক্তি ৰসেৰে জীপাল হ'ব সত্ৰ-নামঘৰসমূহৰ চৌপাশ। ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জণগনে। সত্ৰ নগৰী বৰপেটাত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ।

ইফালে পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী, সত্ৰনগৰী বৰপেটাৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱে গুৰুজনাৰ নাম-কীৰ্তন কৰিছে।

ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা সত্ৰ-নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজে বৰগীত গাই, শৰাই-নাম-প্ৰংসংগৰে গুৰুজনালৈ জনাইছে প্ৰণিপাত।

শ্ৰীমন্ত শঙ্কৰদেৱ