Advertisment

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰাজহুৱা বক্তৃতানুষ্ঠান আৰু কৰ্মশালা

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত তথা গণিত আৰু ভূগোল বিভাগৰ সহযোগত "জলবায়ু, পৰিৱেশ আৰু মানুহ: এক অবিচ্ছেদ্য ভৱিষ্যত" শীৰ্ষক এক ৰাজহুৱা বক্তৃতা অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
zczx

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত তথা গণিত আৰু ভূগোল বিভাগৰ সহযোগত "জলবায়ু, পৰিৱেশ আৰু মানুহ: এক অবিচ্ছেদ্য ভৱিষ্যত" শীৰ্ষক এক ৰাজহুৱা বক্তৃতা অনুষ্ঠিত হয়। 

Advertisment

অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ শিক্ষক,গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ সভাগৃহত দিনৰ ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক শান্তনু গোস্বামীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ইয়াৰ মুখামুখি হোৱাৰ উপায় সম্পৰ্কে এক বিস্তৃত আলোচনা আগবঢ়ায়।

তেওঁ জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ আৰু মানুহৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, সেই বিষয়ে আলোকপাত কৰে। অধ্যাপক গোস্বামীয়ে কয় যে “জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধি পাইছে, যাৰ ফলত বানপানী, খৰাং আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা বৃদ্ধি পাইছে। ইয়াৰ ফলত খাদ্য উৎপাদন, পানীৰ যোগান আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে”। 

এই সমস্যাৰ সমাধানৰ বাবে সকলোৱে মিলি কাম কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে আমি নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব, কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশ অনুকূল জীৱনশৈলী গ্ৰহণ কৰিব লাগিব।

অধ্যাপক শান্তনু গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ ভূগোল বিভাগত আয়োজিত “Navigating India’s Climate Future” শীৰ্ষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত আন এক কৰ্মশালাতো অংশগ্ৰহণ কৰি ভাৰতৰ জলবায়ুৰ ভৱিষ্যত সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়।

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়