/asomiyapratidin/media/media_files/2026/02/24/ujjj-2026-02-24-21-46-00.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন আজি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক কলাক্ষেত্ৰ চৌহদত সফলতাৰে সমাপন হৈ যায় ৷ শৈক্ষিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা এই সমাৱৰ্তন কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ ঘোষণা কৰে আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই ৷ ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে বিশ্ববিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে ৷
য’ত বিশ্ববিদ্যালয়ে গ্ৰহন কৰিবলগীয়া নতুন পাঠ্যক্ৰমৰ লগতে বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ খতিয়ান সম্পৰ্কে আলোকপাত কৰে ৷ এই প্ৰতিবেদনৰ পিছতে, বিশ্ববিদ্যালয়খনে আগবঢ়োৱা সন্মানীয় ডি.এছচি ডিগ্ৰী গ্ৰহন কৰে বিশিষ্ট শিক্ষাবিদ তথা প্ৰতিস্থিত বিজ্ঞানী ড° দিনেশ চন্দ্ৰ গোস্বামীয়ে । এই সন্মানৰ লগতে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক-অধ্যাপক নগেন শইকীয়ালৈও আগবঢ়োৱা হয় সন্মানীয় ডি.লিট সন্মান ৷ শাৰীৰিক অসুস্থতাৰ হেতু সমাৱৰ্তনত অংশ ল’ব নোৱাৰিলে সাহিত্যিকগৰাকীয়ে ৷
তেওঁৰ গৃহত গৈ এই বঁটা আগবঢ়োৱা হ’ব বুলি আচাৰ্যগৰাকীয়ে উল্লেখ কৰে ৷ তদুপৰি এই সমাৱৰ্তনতে ৭৯ গৰাকীক পি এইচ ডি, ৭৬৮ গৰাকী স্নাতক-স্নাতকোত্তৰ মহলা আৰু ডিপ্লোমা উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য, এই অনুষ্ঠানত দীক্ষান্ত বক্তা হিচাপে নেকটাৰ- নতুন দিল্লীৰ সঞ্চালক প্ৰধান ড° অৰুণ কুমাৰ শৰ্মা উপস্থিতি থাকি বক্তৃতা আগবঢ়াই ৷ তেওঁ কয় “দক্ষতা-কাৰিকৰী শিক্ষাই সমাজ-দেশৰ লগতে শিক্ষাৰ্থী সকলকো সঠিক ভাৱে আগুৱাই নিব ৷
লগতে তেওঁ, আঞ্চলিক পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন প্ৰযুক্তিৰ সঞ্চাৰ অৰ্থনৈতিক উন্নয়নৰ আধাৰ বুলিও মতপোষণ কৰে ৷ অনুষ্ঠানত অংশলৈ বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাই বক্তৃতা আগবঢ়াই ডিগ্ৰী গ্ৰহন কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা জনাই ৷ এই অনুষ্ঠানতে, ২০২৩ বৰ্ষৰ (স্নাতক আৰু স্নাতকোত্তৰ শাখা) ৰাজ্যপালৰ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ লগতে নগদ ধনো শিক্ষাৰ্থীসকললৈ আগবঢ়োৱা হয় ৷ স্নাতক শাখাত সোণৰ পদক সমাজতত্ব বিভাগৰ দিশা ঘোষ, ৰূপৰ পদক সমাজতত্ব বিভাগৰে পম্পী পাল আৰু ব্ৰঞ্জৰ পদক ইংৰাজী বিভাগৰ জংকী বৰদলৈয়ে লাভ কৰে । স্নাতকোত্তৰ শাখাত পৰিৱেশ্য কলা বিভাগৰ ৰিমা দাসে সোণৰ পদক, যোগ বিজ্ঞান আৰু মানৱ চেতনা বিভাগৰ অংকিতা বৰঠাকুৰে ৰূপৰ পদক তথা সমাজতত্ব বিভাগৰ চয়নিকা দত্ত আৰু চৌয়দা আঞ্জুবা ছায়েষ্টাই যুটীয়াভাৱে ব্ৰঞ্জৰ পদক লাভ কৰে ।
ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত মাধৱ তামুলীয়ে আঁতধৰা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকা, সমন্বয়ক কুশল ঠাকুৰীয়া, ট্ৰাষ্ট সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, ধুবুৰী গোটৰ ডীন ড° প্ৰমথেশ বায়ন, উপ-পঞ্জীয়ক ড° বিচিত্ৰ বিকাশ, উপ পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, সহ: পঞ্জীয়কসকলৰ লগতে অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us