/asomiyapratidin/media/media_files/2026/01/28/ujjjdd-2026-01-28-08-56-39.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬ ফেব্ৰুৱাৰীৰপৰা তিনি দিনিয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন৷যাৰবাবে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে অধিৱশন স্হলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত৷
প্ৰতিখন উপ সমিতি ব্যস্ত হৈ পৰাৰ লগতে তোৰণ উপ সমিতিও দিনে নিশাই ব্যস্ত হৈ পৰিছে ১০৬ ফুট দীঘল আৰু ২৮ ফুট ওখ বিশাল মূল তোৰণভাগ নিৰ্মাণৰ কামত৷ শংকৰ সংঘৰ তেজপুৰ জিলা শাখাৰ এগৰাকী চিত্ৰশিল্পী তথা ভাষ্কৰ্য শিল্পী দ্বীপজ্যোতি তালুকদাৰৰ নক্সা তথা পৰিকল্পনাৰে নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি থকা মূল তোৰণভাগত গুৰুজনাৰ সৃষ্টিৰাজীসমুহৰ উপৰিও জিলাখনৰ স্বকীয় ঐতিহ্য পৰম্পৰা আদিবোৰ পৰিষ্ফুত কৰাৰো চেষ্টা কৰিছে তোৰণ উপ সমিতিয়ে ৷
বৃহৎ মূল তোৰন সহ চাৰিখনকৈ দাঙৰ তোৰনৰ উপৰিও সংঘৰ ৰাজ্যিক অধিবেশন উপলক্ষে অন্য প্ৰায় ৩০ খন তোৰণ সহ মুঠ ৩৪খনকৈ তোৰন দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে তোৰন নিৰ্মাণ উপ সমিতি খনে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us