জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি তুংগত...

জামুগুৰিহাটত অহা ৬,৭আৰু ৮ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি তুংগত।অধিবেশনলৈ হাতত মাথো২১ টা দিন বাকী থকা অৱস্থাত

author-image
Asomiya Pratidin
New Update
dadadadaad

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ   জামুগুৰিহাটত অহা ৬,৭আৰু ৮ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি তুংগত।অধিবেশনলৈ হাতত মাথো২১ টা দিন বাকী থকা অৱস্থাত জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজত অৱস্হিত জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে অধিবেশনৰ মূল মণ্ডপ আৰু শিবিৰ সমুহৰ নিৰ্ম্মানকে ধৰি চলিছে প্ৰস্তুতিৰ সকলো কাম কাজ।

আামুগুৰিহাটত এইবাৰ সংঘৰ  ৰাজ্যিক  অধিবেশনখনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলা তথা সৰ্ব্বাংগ সুন্দৰ ৰূপত অধিবেশন অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা সকলে দিন ৰাতি একাকাৰ কৰি হাতেকামে লাগি পৰা দেখা গৈছে৷জাতি ধৰ্ম্ম বৰ্ণ নিৰ্ব্বিশেষে সকলোশ্ৰেনীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হব লগা এই অধিবেশনস্থলীলৈ স্বতঃস্ফূৰ্ত ভাবেই ওলাই আহি  শ্ৰমদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে জামুগুৰিহাটৰে বাকোলা গাঁৱৰ কেইবাশতাধিক ইছলাম ধৰ্ম্মালম্বী পুৰুষ মহিলা যুৱক যুৱতী ও বৰ্ষিয়ন নাগৰিকেও।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ লাখ লাখ ভকতৰ বাবে আশ্ৰয় শিবিৰ নিৰ্মানৰ কামত শ্ৰমদান কৰি ব্যস্ত হৈ পৰা পৰিলক্ষিত হল ইছলামধৰ্ম্মালম্বী লোক সকলক৷ নিজৰ নিজৰ কামৰ ব্যস্ততাত থাকিও এইসমূহ ইছলাম ধৰ্ম্মালম্বী  লোক তথা যুৱক যুৱতীয়ে  'মোৰ মনত ভেদভাব নাই অ আল্লা' শীৰ্ষক জিকিৰ পৰিবেশন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন স্থলীৰ পৰাই সমগ্ৰ ৰাজ্যখনলৈ এক সমন্বয়ৰ বাৰ্তা বিয়পাই দিলে ।

এনেদৰই শ্ৰমদানৰ মাজতে ভোগালী বিহুৰ দিনটোত ইছলাম ধৰ্ম্মালম্বী যুৱতী মহিলা সকলক বিহু গীত নৃত্যত মতলীয়া হৈ আনন্দ উল্লাস কৰাও দেখা গল ৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ অধিবেশন স্হলী জ্যোতি বিষ্ণু ক্ষেত্ৰত এনেদৰে অঞ্চলটোৰ ইছলাম ধৰ্ম্মালম্বী লোক সকলে ভকতৰ বাবে আশ্ৰয় শিবিৰ নিৰ্ম্মান কাৰ্য্যত জঢ়িত হৈ শ্ৰমদান কৰি থকা দেখি অভিভূত হৈ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে আদৰনী সমিতিৰ কাৰ্য্যকৰি সভাপতি বিধায়ক পদ্ম হাজৰিকা আৰু সম্পাদক বিপুল বৰাকে ধৰি বিষয়ববীয়া সকলে৷

আদৰনী সমিতিয়ে ইছলাম ধৰ্ম্মালম্বী লোক সকলক শ্ৰমদানত উৎসাহ অনুপ্ৰেৰণা যোগোৱাৰ লগতে অধিবেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাত সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আহৱান জনায়৷ জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজত অৱস্হিত জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে অধিবেশনৰ মূল মণ্ডপ আৰু শিবিৰ সমুহৰ নিৰ্ম্মানকে ধৰি চলিছে প্ৰস্তুতিৰ সকলো কাম কাজ।

শ্ৰীমন্ত শংকৰদেৱ শংকৰদেৱ