শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰ শাখাৰ উদ্যোগত মাণ্ডলিক ভিত্তিত সাংগঠনিক সভা

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰ শাখাৰ উদ্যোগত কোকৰাঝাৰ- চিৰাং জিলা শাখাৰ আতিথ্যত বাসুগাঁওস্থিত জিলা নামঘৰ প্ৰাঙ্গণত এখন মাণ্ডলিক ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
sdsdsdsd

ডিজিটেল সংবাদ, চিৰাংঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰ শাখাৰ উদ্যোগত কোকৰাঝাৰ- চিৰাং জিলা শাখাৰ আতিথ্যত বাসুগাঁওস্থিত জিলা নামঘৰ প্ৰাঙ্গণত এখন মাণ্ডলিক ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত হয়। সঙ্ঘৰ প্ৰচাৰ শাখাৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই  গুৰুজনাৰ সৃষ্টিৰাজি আৰু সংস্কৃতিৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে সাংগঠনিক দিশত অনুশাসনমূলক গুৰুত্বপূৰ্ণ বক্তব্যৰে সভাখনি উদ্বোধন কৰে। 

Advertisment

কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাই ভকত-বৈষ্ণৱ সকলৰ লৰা-ছোৱালীসকলক অনুষ্ঠানটোৰ মাজলৈ উলিয়াই আনিবলৈ আহ্বান জনায় । সাহিত্য শাখা সমিতিৰ সভাপতি ড° মৃনাল কুমাৰ বৰুৱাই শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাংগঠনিক সমৃদ্ধিঃ প্রকল্পনা, সম্ভাবনা আৰু প্রত্যাহান সন্দৰ্ভত বহুমূলীয়াকৈ আলোকপাত কৰে। প্ৰচাৰ শাখাৰ সভাপতি হীৰেন্দ্ৰ ডেকাই শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ চাৰিপুথি সম্পৰ্কীয় বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। 

WhatsApp Image 2025-08-17 at 7.09.36 PM

উক্ত সভাত সাহিত্য শাখাৰ সম্পাদক অচ্যুত কৃষ্ণ কলিতা, বোকাখাতৰ পৰা যোগেশ লুইং বাপ উপস্থিত থাকে। উল্লেখযোগ্য যে, বৰপেটা, বঙাইগাঁও, বিজনী আৰু কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ পৰা মূলৰ সদস্য, জিলা সভাপতি-সম্পাদকৰ লগতে প্ৰত্যেকখন জিলাৰ পৰা যথেষ্ট সংখ্যক ভকত-বৈষ্ণৱ আৰু সেৱক-সেৱিকা উপস্থিত থকাৰ লগতে ধুবুৰী আৰু বাক্সা জিলাৰ মূলৰ সদস্যও উপস্থিত থাকে বুলি কোকৰাঝাৰ-চিৰাং জিলাৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে ৷ সভাত চাৰি শতাধিক বাপ-আই মাতৃ সকলক বিশেষকৈ কোকৰাঝাৰ-চিৰাং জিলা সেৱাবাহিনীৰ সেৱক-সেৱিকা সকলে যথেষ্টখিনি সেৱা আগবঢ়াই অনুষ্ঠানটি সফল ৰূপায়ন কৰে ৷

শঙ্কৰদেৱ সঙ্ঘ