শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ প্ৰস্তুতি তুংগত...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনৰ বাবে জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি ।অধিবেশন খনিলৈ মাজত মাথো ১৫ দিন বাকী

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনৰ বাবে জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি ।অধিবেশন খনিলৈ মাজত মাথো ১৫ দিন বাকী থকাৰ মুহুৰ্তত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সৃষ্টি হৈছে এক উখলমাখল পৰিবেশ৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা পাঁচ লক্ষাধিক ভকতবৈষ্ণৱক আদৰিবৰ বাবে একপ্ৰকাৰ সাজু হৈ পৰিছে জামুগুৰিহাটবাসীৰ লগতে আদৰনী সমিতি৷ শংকৰদেৱ গুৰুজনাৰ মাৰ্গ দৰ্শনক সৰোগত কৰি কৃষ্ণ ভকতিৰে সমন্বয়ৰ বাৰ্তা দিছে অধিবেশনস্থলী জ্যেতি,বিষ্ণু সমন্বয় ক্ষেত্ৰই।

এই  সমন্বয় ক্ষেত্ৰতেই এতিয়া পুৱাৰ পৰাই শুনিবলৈ পোৱা গৈছে কেৱল হৰি নামৰ ধ্বনি। অহা ৬,৭, আৰু ৮ ফেব্ৰুৱাৰী তথা অধিবেশনৰ তিনিওটা দিনত এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমাগম হ'ব লগা লাখ লাখ ভকতক আপ্যায়নৰ বাবে নিৰ্মান কৰি থকা হৈছে বিশাল ৰান্ধনী শালাৰ লগতে ভোজনালয় কক্ষৰ।

পাচঁশ ফুট দীঘল আৰু তিনিশ ফুট বহল আকাৰত নিৰ্মান কৰি থকা ভোজনালয়ত একেসময়তে একেলগে আপ্যায়ন কৰিব পাৰিব বাৰ হাজাৰ ভকতে।সেইদৰে ৰান্ধনীশালত থাকিব তিনিশ চৌকা।এই কামৰ মাজতে ভোজনালয় উপ সমিতিৰ বিষয়ববিয়া সদস্য সকলৰ মুখত শুনিবলৈ পোৱা গল হৰিনামৰ ধ্বনি৷

ইয়াৰ মাজতে যোৱা সন্ধিয়া অধিবেশনস্হলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হয় শোনিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস৷ জিলা আয়ুক্ত গৰাকীয়ে আদৰনী সমিতিৰ সভাপতি সম্পাদক সহ বিষয়ববিয়া সকলৰ সৈতে আলাপ আলোচনাত মিলিত হোৱাৰ লগতে নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হয়৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ