১০ সহস্ৰাধিক সেৱকৰ উপস্থিতিত ধলাইবিলৰ জ্যোতি,বিষ্ণু সমন্বয় ক্ষেত্ৰত লাইখুটা স্থাপন...

আয়তিৰ উৰুলি,খোল তাল ,শৃংখ ধ্বনিৰ মাজৰে সংঘৰ  সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে লাইখুটা ভাগ স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাঁই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 1.03.57 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি,বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭,আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশন। হাজাৰ-হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ উপস্থিতিত আজি দিনৰ ১১ বজাত ৯৫ সংখ্যক এই অধিবেশনৰ লাইখুটা স্থাপন কৰা হয়।

আয়তিৰ উৰুলি,খোল তাল ,শৃংখ ধ্বনিৰ মাজৰে সংঘৰ  সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে লাইখুটা ভাগ স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাঁই। অসমৰ প্ৰত্যেক জিলাৰ পৰা অহা সংঘৰ প্ৰায় দহ সহস্ৰাধিক সেৱকৰ উপস্থিতিত লাইখুটা স্থাপন কৰি প্ৰদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতকাৰ তলত আজি সকলে একত্ৰিত হৈ সমন্বয়ৰ সেতু টনকিয়াল কৰিবলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰে।

অনুষ্ঠানত উপস্থিত থাকি অধিবেশনৰ উদযাপন সমিতিৰ কাৰ্য্যকৰি সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ জ্যোতি,বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক ৰাজ্যিক অধিবেশন সম্পূৰ্ণ ৰূপে  সফল কৰি তুলিবৰ বাবে ইতিমধ্যেই  সকলো প্ৰস্তুতি চলি থকা বুলি মত ব্যক্ত  কৰে।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংঘৰ সংখ্যক ৰাজ্যিক অধিবেশন লাইখুটা স্থাপনৰ কাৰ্য্যসূচী উপলক্ষ্য আজি পুঁৱাৰ পৰাই জামুগুৰিহাটৰ ধলাইবিলৰ জ্যেতি, বিষ্ণ সমন্বয় ক্ষেত্ৰত  এক উখল মাখল পৰিৱেশৰ সৃষ্টি .হোৱাৰ লগতে ভক্তি ৰসৰে বৈকুণ্ঠ পুথিত পৰিণত  হঁয়।

জামুগুৰিহাট