নিজৰ 'ভাই' বুলি শংকৰজ্যোতিক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰীয়ে...

বিৰ্তক হলেও শংকৰজ্যোতি শিৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত। এই কথা শুকুৰবাৰে পুনৰ প্ৰমাণিত হ'ল ডিব্ৰুগড়ত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ন বিজেপি শংকৰজ্যোতি বৰুৱাক চিনাকি কৰাই দিলে হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
jhdjdjjd

ডিজিটেল ডেস্কঃ বিৰ্তক হলেও শংকৰজ্যোতি শিৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত। এই কথা শুকুৰবাৰে পুনৰ প্ৰমাণিত হ'ল ডিব্ৰুগড়ত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ন বিজেপি শংকৰজ্যোতি বৰুৱাক চিনাকি কৰাই দিলে হিমন্ত বিশ্ব শৰ্মাই। এই চিনাকি সাধাৰণ নাছিল। মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ সৈতে শংকৰক চিনাকি কৰাই দি ক'লে যে, য়ে মেৰা ভাই হ্যে। 

নিজৰ ভাতৃ বুলি শংকৰক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰীয়ে। সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল উক্ত স্থানত। অমিত শ্বাহে শংকৰজ্যোতিৰ সৈতে চিনাকি হৈ কিছু সময় কথাও পাতিলে। উক্ত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতিৰ বিষয়ে কিছু কথা জনালে অমিত শ্বাহক।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৬ত দুলীয়াজান বিধানসভা সমষ্টিত বিজেপিৰ হৈ শংকৰে টিকট পাব বুলি চৰ্চা হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে নিজেই এই চৰ্চাৰ মুখনি মাৰিছিল। ২০২৬ত শংকৰে টিকট নাপায় বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। তথাপিও বিজেপিত যোগদান কৰিছিল শংকৰে। বিজেপিত যোগদান কৰাৰ পাছতে ৩০মিনিট সময় মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকতো মিলিত হৈছিল শংকৰ।

২০২৬ত নহ'লেও পৰৱৰ্তী সময়ত হয়তো শংকৰজ্যোতিক উচিত পুৰস্কাৰ দিয়াৰ আশ্বাস দিছে হিমন্ত বিশ্ব শৰ্মাই। সেই আশ্বাসতেই বিশ্বাস ৰাখি এতিয়া বিজেপিৰ এগৰাকী কাৰ্যকতা হিচাপে নিজকে সমৰ্পিত কৰিছে বিৰ্তকিত আৰু চৰ্চিত প্ৰাক্তন আছু নেতা শংকৰজ্যোতিয়ে। 

গৃহমন্ত্ৰী অমিত শ্বাহ অমিত শ্বাহ