অসমীয়াৰ গৌৰৱ মেখেলা-চাদৰ  প্ৰদৰ্শনৰে অসমক‌ জিলিকালে বিশ্ববাসীৰ ওচৰত

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ অভিজাত্যৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব’ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বন-নতুন নতুন বস্ত্ৰ সম্ভাৰ ৷

author-image
Asomiya Pratidin
New Update
3

 ডিজিটেল ডেস্কঃ অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই পুনৰ এবাৰ গৌৰান্বিত কৰিলে অসমবাসীক। ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ অভিজাত্যৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব’ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বন-নতুন নতুন বস্ত্ৰ সম্ভাৰ ৷ তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা-চাদৰৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ  গৌৰৱ কঢ়িয়াই আনিছে  সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷

3

উল্লেখ্য যে - বিশ্বৰ ফেশ্বন জগতৰ সকলোৰে দৃষ্টি নিবদ্ধ থকা প্ৰদৰ্শনস্থলীত নিউয়ৰ্ক ফেশ্বন শ্ব’ত বিশ্বৰ ফেশ্বন জগতৰ বৰ্তমানৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি মেখেলা-চাদৰ আৰু নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰ 'কুঁৱলী - The Mist' শীৰ্ষক শিৰোনামেৰে 'নিউয়ৰ্ক ফেশ্বন উইক–স্প্ৰিং ছামাৰ'ত প্ৰৰ্দশন কৰি দৰ্শকৰ পৰা লাভ কৰে বিপুল সমাদৰ । ভাৰতীয় অনুসৰি দেওবাৰে পুৱা নিউয়ৰ্কত অনুষ্ঠিত হয় সংযুক্তা দত্তৰ মেখেলা-চাদৰৰ ডিজাইন আৰু পৰম্পৰাক থীম হিচাপে লৈ সাম্প্ৰতিক সময়ৰ সৈতে ফেৰ মাৰি প্ৰস্তুত কৰা বস্ত্ৰ সম্ভাৰ আৰু মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হয় ৷ দৰ্শকৰ শাৰীত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বনপ্ৰেমীসকল ।

সংযুক্তা দত্তৰ এই অনুষ্ঠানত ভাৰতীয় দূতাবাসৰ সন্মানীয় বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অসমীয়া তথা ভাৰতীয় বস্ত্ৰশিল্পৰ ঐতিহ্য আৰু সৃষ্টিশীলতাৰ আন্তৰ্জাতিক স্বীকৃতিক অনন্য মাত্ৰা প্ৰদান কৰিছিল ।

WhatsApp Image 2026-02-16 at 8.06.50 AM (1)

প্ৰণিধানযোগ্য যে - এই অনুষ্ঠানত Coach, Sergio Hudson আৰু Norma Kamali-ৰ দৰে বিখ্যাত ডিজাইনাৰৰ শ্ব'ৰ মাজত ফেশ্বনৰ ৰাণৱে’ত উজলি উঠিল সংযুক্তা দত্তৰ অসমীয়া শিপাৰ গোন্ধেৰে সমৃদ্ধ ফেশ্বন । ইতিমধ্যেই Anne Hathaway আৰু Gigi Hadidৰ দৰে আন্তংৰাষ্ট্ৰীয় চেলিব্ৰিটিয়েও ইতিমধ্যে ফেশ্বন শ্ব'ৰ ৰাণৱে’ত খোজ দিয়া দেখা পোৱা গৈছে ।

WhatsApp Image 2026-02-16 at 8.06.51 AM

সংযুক্তা দত্ত