জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সঞ্জীৱ নাৰায়ণৰ সংবাদমেল

প্ৰতিবাদৰ মাজতে প্ৰাগ নিউজ কাৰ্যালয়ত স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণে অনুষ্ঠিত কৰে সংবাদমেল। সংবাদমেলত উপস্থিত থাকে সঞ্জীৱ নাৰায়ণৰ লগতে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু অক্ষতা নাৰায়ণ।

author-image
Asomiya Pratidin
New Update
419

ডিজিটেল ডেস্ক : প্ৰতিবাদৰ মাজতে প্ৰাগ নিউজ কাৰ্যালয়ত স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণে অনুষ্ঠিত কৰে সংবাদমেল। সংবাদমেলত উপস্থিত থাকে সঞ্জীৱ নাৰায়ণৰ লগতে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু অক্ষতা নাৰায়ণ। 

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সামাজিক মাধ্যমত সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই সংবাদমেলত। সংবাদমেলত সঞ্জীৱ নাৰায়ণে উত্থাপিত অভিযোগবোৰ সম্পূৰ্ণৰূপে মিছা বুলি কয়। 

তেওঁ কয় যে, নৰ্থ- ইষ্ট ফেষ্টিভেলৰ কোনো কাৰ্যসূচীত ভাগ লোৱা নাছিল। জুবিন গাৰ্গৰ মৃত্যুৰ আগদিনা তেওঁ কোনো পাৰ্টী কৰা নাই, সেইদিনা পুৱা তেওঁ ছিংগাপুৰ পাইছিল গৈ আৰু পায়েই জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰি ১৫/ ২০ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হয়। তেতিয়া জুবিন গাৰ্গক এম্বুলেন্সত উঠাই হাস্পতাললৈ অনাৰ ব্যৱস্থা কৰে। 

পিছত জুবিন গাৰ্গৰ মৃতদেহৰ সৈতে অহা ইচ্ছা আছিল যদিও তেওঁক আহিবলৈ নিদিয়া কাৰণে উভতি আহে বুলি মন্তব্য কৰে। তেওঁ ইয়াকো কয় যে, সামাজিক মাধ্যমত তেওঁৰ জুবিন গাৰ্গৰ পুৰণি ফটো আপলোড কৰি ষড়যন্ত্ৰ কৰা বুলি প্ৰতিঅভিযোগ উত্থাপন কৰে। বিশেষকৈ লুইত কুমাৰ বৰ্মনে প্ৰথমে তেওঁৰ বিৰুদ্ধে অভিযোগ তোলা বুলি মন্তব্য কৰে আৰু বৰ্মনৰ বিৰুদ্ধে তেওঁ আৰক্ষীৰ কাষ চপাৰ কথাও ব্যক্ত কৰে। 

সঞ্জীৱ নাৰায়ণে আৰু কয়- মোৰ বিৰুদ্ধে যদি এজাহাৰ দিছে, গোচৰ পঞ্জীয়ন হৈছে আৰু আৰক্ষী- চি বি আই- চি আই ডিয়ে যদি তেওঁক বিচাৰে এই মুহূৰ্ততো তেওঁ যাবলৈ সাজু আছে। যদি তেওঁ কিবা প্ৰকাৰে এই ঘটনাত জড়িত থকা বুলি প্ৰমাণ হয় তেন্তে ৰাইজে ৰছী এডাল গোটাই দিলেও ফাঁচী ল’বলৈ সাজু বুলি মন্তব্য কৰে।   

মই ছিংগাপুৰলৈ গৈছিলো কিয় : সঞ্জীৱ নাৰায়ণ

শ্যামকানু মহন্তই মোক ছিংগাপুৰলৈ নিমন্ত্রণ কৰিছিল। তেওঁ কৈছিল নর্থ- ইষ্ট ফেষ্টিভেলত নাগালেণ্ড, মিজোৰাম, মেঘালয়ৰ মুখ্যমন্ত্রীসকলৰ উপৰি কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু পবিত্র মাৰ্ঘেৰিটা উপস্থিত থাকিব। মই ভাবিলোঁ এই মঞ্চখনতে মই ড০ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উপলক্ষে প্রকাশ কৰা ইংৰাজীত লিখা কিতাপখন মুকলি কৰিলে আন্তর্জাতিক স্তৰত কিতাপখনৰ কথা জানিব পাৰিব। 

মই ছিংগাপুৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ, কিন্তু শ্যামকানু মহন্তক লগতে জনাই দিলোঁ যে মই মাত্র ১৯ ছেপ্টেম্বৰ দিনটোহে থাকিব পাৰিম, ২০ ছেপ্টেম্বৰত মই ডুবাইলৈ যাবৰ বাবে টিকট কৰা আছে। মোৰ নিজৰ বিমানৰ টিকট (ছিংগাপুৰলৈ যোৱা), হোটেলৰ খৰচ এইবোৰ মই নিজে বহন কৰিছিলো। কাৰো আতিথ্য গ্রহণ কৰা নাছিলো।

মোৰ বিৰুদ্ধে অপপ্ৰচাৰ মূলতঃ দুটা

প্রথম অভিযোগ ১৮ ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰৰ এখন হোটেলত হোৱা নিশাৰ পাৰ্টিটো মই সংগঠিত কৰিছিলো। য'ত স্বয়ং জুবিন গাৰ্গ আছিল। দ্বিতীয় অভিযোগ হ'ল- সাগৰত হোৱা দুর্ঘটনাৰ পূর্বে জুবিন গার্গে যিখন জাহাজ (য়ট)ত উঠি এটা দ্বীপলৈ গৈছিল, সেই জাহাজখন মই বুক কৰিছোঁ আৰু সকলো খবচ মই দিছোঁ।

প্রথম অভিযোগ প্রসংগত কওঁ - ১৮ ছেপ্টেম্বৰৰ নিশাৰ পার্টি মই সংগঠিত কৰা নাছিলো আৰু মই তাত উপস্থিতো নাছিলো। এই পার্টিৰ বিষয়ে মই একো নাজানো। ১৮ ছেপ্টেম্বৰৰ সন্ধিয়া আমাৰ নৱনির্মিত কথাছবি 'শ্বহীদ প্রণামো তোমাক'ৰ প্রিমিয়াৰ শ্ব'ত আছিলো। আইদেউ টকীজত অনুষ্ঠিত প্রিমিয়াৰ শ্ব'ৰ পৰা বাহিৰে বাহিৰে মই গুৱাহাটী বিমান বন্দৰলৈ যাওঁ। 

সন্ধিয়া ৭.৫০ বজাৰ বিমানযোগে মই কলকাতালৈ যাত্রা কৰো। নিশা ১১.৩০ বজাত (ভাৰতীয় সময়) মই ছিংগাপুৰ অভিমুখে যাত্রা কৰো। (এই যাত্ৰাৰ বোর্ডিং পাছ বিজ্ঞপ্তিৰ লগত সংলগ্ন)। যি সময়ত ছিংগাপুৰত পার্টি চলি আছিল সেই সময়ত মই কলকাতা বিমান বন্দৰত ছিংগাপুৰ অভিমুখী বিমানৰ বাবে অপেক্ষা কৰি আছিলো। পার্টিৰ ভিডিঅ' এটা সকলোৰে লগত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ'টো ছিংগাপুৰৰ সময় নিশা ৯.৩৯ বজাত লোৱা হৈছে।

ভাৰতীয় সময় সন্ধিয়া ৭.০৯ বজাত। সেই সময়ত মই গুৱাহাটী বিমান বন্দৰত কলকাতা অভিমুখী বিমানৰ বাবে অপেক্ষা কৰি আছিলো। এতেকে এই পার্টিত মই উপস্থিত থকা বা সংগঠিত কৰাৰ অভিযোগ সম্পূর্ণ মিছা।

দ্বিতীয় অভিযোগ প্রসংগত মই কওঁ যে মই ১৮ ছেপ্টেম্বৰৰ ভাৰতীয় সময় নিশা ১১.৩০ বজাত ছিংগাপুৰ অভিমুখে ৰাওনা হওঁ। ১৯ ছেপ্টেম্বৰৰ পুৱা ছিংগাপুৰৰ সময় ৬.৩০ বজাত (ভাৰতীয় সময় পুৱা ৪ বজাত) ছিংগাপুৰৰ ছাংগি বিমান বন্দৰত অৱতৰণ কৰোঁ। (বিমানৰ বোর্ডিং পাছ সংলগ্ন)। 

বিমান বন্দৰৰ আনুষ্ঠানিকতা সমাপ্ত কৰি ওলাই আহোতে ছিংগাপুৰৰ সময় ৯ (ভাৰতীয় সময় প্রায় পুৱা ৬.৩০) বাজিছিল। হোটেল পাওঁতে ছিংগাপুৰৰ সময় ১০ (ভাৰতীয় সময় পুৱা ৭.৩০) বাজিছিল। হোটেল সোমায়েই মই অলপ জিৰণি লোৱাৰ প্ৰয়োজন অনুভৱ কৰিলো। 

মোৰ বন্ধু মৃগাংক হাজৰিকা আৰু মই দুয়োজন শুই গ'লো। আবেলি ছিংগাপুৰৰ সময় ৩ (ভাৰতীয় সময় দুপৰীয়া ১২.৩০) বজাত আমি সাৰ পাওঁ। দুয়ো দুপৰীয়াৰ আহাৰৰ বাবে ৰেস্তোৰালৈ ওলাই আহো। তেতিয়ালৈকে জুবিন গাৰ্গ আৰু তেওঁৰ সংগীবৃন্দ কোনখন হোটেলত আছে বা কি কৰি আছে আমি একো নাজানো। 

জুবিন আৰু সংগীবৃন্দ আন এখন হোটেলত আছিল। ছিংগাপুৰৰ সময় ৩.৪০ (ভাবতীয় সময় দুপৰীয়া ১.১০) বজাত আমাৰ ভাত আহিল। ঠিক সেই সময়তে মই শ্যামকানু মহন্তৰ পৰা এটা ফোন পাওঁ। মহন্তই মোক জনালে যে সাগৰত জুবিনৰ এটা দুর্ঘটনা হৈছে। আপুনি তালৈ লৰালৰিকৈ যাওক। মই সুধিলো যে মই কাক যোগাযোগ কৰো, কোনখিনিলৈ গ'লে জুবিনক লগ পাম? মহন্তই মোক জনৈক অভিমন্যু তালুকদাৰৰ নম্বৰ দিয়ে। মই অভিমন্যু তালুকদাৰক যোগাযোগ কৰাত তেওঁ মোক এটা নির্দিষ্ট জাহাজঘাটলৈ আহিবলৈ কয়। 

মই আৰু মৃগাংক দৌৰাদৌৰিকৈ তাত উপস্থিত হওঁ। টেক্সিৰ পৰা নামি দেখিবলৈ পাওঁ জুবিনক পাবলৈ আনি CPR দি থকা হৈছে আৰু এখন এম্বুলেন্স ৰৈ আছে। মই নামিয়েই তাত ৰৈ থকা সকলোকে উদ্দেশ্যি টান কথা শুনাও, 

মই আচৰিত হৈছিলোঁ যে কি কাৰণত কোনে জুবিনক সাগৰলৈ যাবলৈ দিলে। মই ক'লো CPR দিয়াতকৈ হাস্পতাল নিনিয়ে কিয়? ছিংগাপুৰ পুলিচে ক'লে- 'আপুনি হাস্পতাললৈ যাব পাৰিব, কিন্তু বাকীসকলক আমি জিম্মাত ৰাখিব লাগিব।' 

তেতিয়া মই ক'লো-জুবিনৰ স্বাস্থ্যৰ সকলো তথ্য সিদ্ধার্থইহে জানে, তেওঁক ডাক্তৰে বিচাৰিব, তেওঁক যাবলৈ দিয়ক।'  পুলিচে তেতিয়া সিদ্ধার্থৰ হাতত থকা নথি-পত্র জব্দ কৰি, তেওঁক এম্বুলেন্সত যাবলৈ দিয়ে। সেইখিনি সময়ত ছিংগাপুৰস্থিত ভাৰতীয় উপ-উচ্চাযুক্তজন সাগৰ তীৰত উপস্থিত হৈছিলগৈ। 

মই আৰু মৃগাংক তেওঁৰ গাড়ীতে হাস্পতাললৈ আহো। জুবিনৰ অৱস্থাটো দেখি মই ততাতৈয়াকৈ মুখ্যমন্ত্রীক যোগাযোগ কৰি ব্যৰ্থ হোৱাত শ্রীমতী ৰিণিকি ভূঞা শর্মাক কথাখিনি অৱগত কৰো। তেওঁ মোক জনালে যে মুখ্যমন্ত্রী BTR নির্বাচনত ব্যস্ত আৰু তেওঁ মুখ্যমন্ত্রীক জনাব বুলি ক'লে। 

পিছত মোৰ লগত মুখ্যমন্ত্রীৰ যোগাযোগ হয়। তেওঁ মোক জনালে যে মুখ্যসচিবক সকলো দায়িত্ব এয়া হৈছে। হাস্পতালৰ পৰাই মই মন্ত্রী পীযূষ হাজৰিকা, পবিত্র মাৰ্ঘেৰিটা, বিমল বৰা আদিৰ লগত যোগাযোগ কৰো। 

হাস্পতালত জুবিনক ICUত বহুসময় চিকিৎসা প্রদান কৰা হয়, কিন্তু দুর্ভাগ্যজনকভাৱে তেওঁৰ জীবন ঘূৰাই আনিব পৰা নগ'ল। ছিংগাপুৰৰ সময় ৫.১৫ বজাত (ভাৰতীয় সময় প্রায় দুপৰীয়া ২.৪৫) জ্যেষ্ঠ চিকিৎসকে জুবিনক মৃত্যু হোৱা বুলি ঘোষণা কৰে।

জুবিনক কোনে জাহাজলৈ নিলে, কোনে জাহাজ (য়ট) বুক কৰিছিল তেতিয়ালৈকে মই একো নাজানো। পাছত ৰাজহুৱাভাবে প্রকাশ পাইছে যে হিংগাপুৰ অসমীয়া সমাজৰ জনৈক 'তন্ময়'-এ এই সকলো ব্যবস্থা কৰিছিল। ইয়াৰ পৰা এইটো স্পষ্ট যে জাহাজ বুক কৰা, জুবিনক সাগৰলৈ লৈ যোৱা ঘটনাৰ লগত মই কোনো কাৰণতেই জড়িত নহয়।

সামাজিক মাধ্যমযোগে মোৰ বিৰুদ্ধে চলা এই নিৰবচ্ছিন্ন ষড়যন্ত্রই মোক গভীৰ আঘাত দিছে। এই ষড়যন্ত্ৰৰ ফলশ্রুতিত মোৰ ৩৫ বছৰৰ পুৰণি বন্ধু, পৰিয়ালৰ এজন জুবিন গাৰ্গক অন্তিম সময়ত ৰাজহুৱাভাৱে শেষ শ্রদ্ধা জনাব নোৱাৰিলোঁ বুলি মন্তব্য কৰে। 

মই আৰু মোৰ পৰিয়ালৰ কাতৰ অনুৰোধ সত্ত্বেও প্রশাসনে আমাক বাৰে বাৰে অন্তিম সংস্কাৰলৈ নাযাবৰ বাবে সতর্ক কৰি দিয়ে। এই ঘটনা আমাৰ চিৰজীবন মনত থাকিব আৰু সদায়েই এটা দুখ থাকি যাব। একমাত্র সামাজিক মাধ্যমত কেইজনমান ব্যক্তিয়ে উদ্দেশ্যপ্রণোদিত আমাক হেয় কবিবলৈ ষড়যন্ত্র কৰিলে যাব ফলত জুবিনক আমি অন্তিম শয়নত এবাবো চাবলৈ যাব নোৱাৰিলো।

তলত সঞ্জীৱ নাৰায়ণৰ সংবাদ বিবৃতিৰ অসম্পাদিত ৰূপ:

WhatsApp Image 2025-09-24 at 3.08.31 PM

WhatsApp Image 2025-09-24 at 3.08.31 PM (1)

WhatsApp Image 2025-09-24 at 3.08.32 PM

WhatsApp Image 2025-09-24 at 3.08.33 PM

জুবিন গাৰ্গ