/asomiyapratidin/media/media_files/2025/12/07/ujjjdd-2025-12-07-22-30-00.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া : স্বেচ্ছাসেৱী অনুষ্ঠান নিৰাময় ন্যাসে প্ৰদান কৰি অহা সঞ্জীৱ বৰা সোৱঁৰণী সামাজিক বটাঁটি আজি বিহপুৰীয়াৰ প্ৰতিষ্ঠিত ভাস্কৰ্য আৰু চিত্ৰ শিল্পী হৰিপ্ৰসন্ন শইকীয়াক প্ৰদান কৰে ৷ এই উদ্দেশ্যে বিহপুৰীয়া শাখা সাহিত্য সভাৰ সভাগৃহত শাখাৰ সভাপতি অনিল কাকতিৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত হৰিপ্ৰসন্ন শইকীয়াক দহ হেজাৰ টকা সহ গামোচা,চেলেং, সফুৰা,সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷
অনুষ্ঠানত স্বৰ্ণ প্ৰভা নেওগৰ দ্বাৰা ৰচিত পৰম্পৰা আৰু প্ৰয়োগৰ আধাৰত সহজলভ্য বনদৰৱ নামৰ পুথি খনি উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰুপজ্যোতি চৌধুৰীয়ে ৷ অনুষ্ঠানত লখিমপুৰৰ সেউজমিত্ৰ ফাউণ্ডেচনৰ বিষয়ববীয়া সকলৰ লগতে পঞ্চাশবাৰকৈ ৰক্তদান কৰা সাংবাদিক সঞ্জীৱ লাহন, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ পৰামৰ্শদাতা চম্পক বৰুৱা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিস্পন্ন পাঞ্জা খেলুৱৈ কংকনা হাজৰিকাক নিৰাময় ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়।
ইপিনে দীৰ্ঘদিনৰ পৰা ভাস্কৰ্য শিল্পৰ লগত জড়িত বিশিষ্ট চিত্ৰশিল্পী হৰিপ্ৰসন্ন শইকীয়াই নিৰাময় ন্যাসৰ তৰফৰ পৰা বটাঁ গ্ৰহণ কৰি আপ্লুত হৈ পৰে । নিৰাময় ন্যাসৰ মুখ্য ন্যাসৰক্ষী পল্লবী নেওগ বৰাই তেৱঁৰ প্ৰয়াত স্বামী সঞ্জীৱ বৰাৰ সোৱঁৰণত সমাজলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা ব্যক্তি সকলক প্ৰতিবছৰেই এই বটাঁ প্ৰদান কৰি অহা বুলি উল্লেখ কৰে ৷
নিৰাময় ন্যাসৰ ন্যাস ৰক্ষী পল্লবী নেওগ বৰাই আতঁ ধৰা আৰু নিৰাময় ন্যাসৰ সভাপতি কুশল ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আৰম্ভণিতে প্ৰয়াত সঞ্জীৱ বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতিচাৰণ কৰে ক্ৰমে বৰাৰ সহধৰ্ম্মিণী পল্লবী নেওগ বৰা,একমাত্ৰ পুত্ৰ অথৰ্ব বৰা আৰু বন্তি শিখা নেওগে। সভাত অসম চৰকাৰৰ পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ণ লিমিটেডৰ অধ্যক্ষ দেবানন্দ হাজৰিকা,যুৱ সমাজকৰ্মী দুষ্মন্ত হাজৰিকা,ঢকুৱাখনাৰ ৰঙ্গভূমিৰ সঞ্চালক কৌস্তুভ চুতীয়া,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ৰিজুমণি গগৈ,লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ে বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি নিৰাময় ন্যাসে সমাজৰ বাবে কৰি অহা কাম কাজ সম্পৰ্কে উল্লেখ কৰি বক্তব্য আগবঢ়াই। অনুষ্ঠানত অৰিহণা কাশ্যপে বৰগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us