/asomiyapratidin/media/media_files/2025/09/29/sanjeeb-29-2025-09-29-23-33-17.jpg)
ডিজিটেল ডেস্কঃ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ সভাপতি সঞ্জীৱ দাসে আজি জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত সাগৰত সাতুৰিবলৈ গৈ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি তেওঁ শ্যামকানু মহন্তই জুবিনক ছিংগাপুৰলৈ লৈ যোৱাৰ কথা উল্লেখ কৰিছে।
তেওঁ অভিযোগ কৰিছে, জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি নৰ্থ ইষ্ট ফেষ্টিভেল চলাই আহিছে শ্যামকানু মহন্তই। জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ কথা সকলোৱে জানে। বিদেশলৈ অনুষ্ঠানৰ বাবে নি চোৱাচিতাৰ দায়িত্ব লোৱা নাছিল মহন্তই। যাৰ বাবে লাইফ জেকেট অবিহনে সাগৰত সাতুৰিব গৈ মৃত্যুক আকোৱালি ল'লে শিল্পীগৰাকীয়ে।
জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিষয়েও উল্লেখ কৰি তেওঁ অভিযোগ কৰে সিদ্ধাৰ্থৰ দায়িত্ব আছিল জুবিন গাৰ্গক সুৰক্ষা দিয়াৰ। ঔষধ সময় মতে দিয়া, জুই-পানীৰ পৰা আঁতৰাই ৰখাৰ। কিন্তু সেই দায়িত্ব পালনত তেওঁ অৱহেলা কৰিছে। অৱহেলা কৰাই নহয় সাগৰৰ লুণীয়া পানীত নমাৰ সময়ত মেনেজাৰজন লগত আছিল। স্বাস্থ্যৰ কথা জনাৰ পাছতো চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছিল সিদ্ধাৰ্থ শৰ্মাই। মৰণোত্তৰ পৰীক্ষাত পানীত ডুবি মৃত্যু হোৱা বুলি পোৱা গৈছে। কেৱল সিদ্ধাৰ্থ শৰ্মাই নহয় জুবিন গাৰ্গৰ সকলো দিশ চোৱা টাৰচেম মিট্টালো ইয়াৰ বাবে অপৰাধী।
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে মুখ্যত শ্যামকানু মহন্ত, টাৰচেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মাকে জগৰীয়া কৰি তেওঁ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ দায়িত্বহীনতাৰ কথাও উল্লেখ কৰিছে। জুবিনৰ সৈতে সাগৰত সাতুৰিবলৈ যোৱা আটাইকেইজনকে অপৰাধী আখ্যাৰে এজাহাৰকাৰীগৰাকীয়ে তেওঁলোকক তদন্তৰ আওঁতালৈ আনিবলৈ দাবী উত্থাপন কৰিছে।
১৮ ছেপ্তম্বৰৰ নিশা মদৰ পাৰ্টিত কোন কোন আছিল সেয়াও তদন্ত কৰাৰ দাবী জনাইছে। জুবিন গাৰ্গক লুণ্ঠন কৰিলে নেকি? জুবিন গাৰ্গৰ সম্পত্তি কাৰ নামত আছে, গান-চিনেমাৰ কপিৰাইট কাৰ ওচৰত আছে সেই কথাবোৰো তদন্তৰ আওতাত ল'ব লাগে বুলি এজাহাৰখনত উল্লেখ।
জুবিন গাৰ্গৰ মৃত্যু দুর্ঘটনাৰ বিপৰীতে পৰিকল্পিত হত্যাকাণ্ড হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি এজাহাৰকাৰী সঞ্জীৱ দাসে তাৎক্ষণিক ভাবে সকলোকে গ্ৰেপ্তাৰ কৰি উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।