পুনৰ মাটি দখল কৰিবলৈ উঠি পৰি লাগিল সঞ্জয়ঃ ভুক্তভোগীৰ এজাহাৰ দাখিল

চৰকাৰী সকলো পক্ষকে মেনেজ কৰি পলাশবাৰীৰ তিনিআলি, মণিয়েৰী আদি অঞ্চলত ভয় ভাবুকিৰে আনৰ ভূমি দখল, দোকান ভাঙি দি ভূমি দখল, সাংবাদিকক নিৰ্যাতন, পৰিয়ালৰ লোককো আতিশয্য চলোৱা আদিৰে ৰাইজৰ মাজত পৰিচিতি থকা সঞ্জয় ঠাকুৰীয়াই এইদৰে বছৰ বছৰ চলাই আহিছে মাফিয়াৰাজ।

author-image
Asomiya Pratidin
New Update
new ap web 3 (24)

ডিজিটেল সংবাদ, পলাশবাৰীঃ এইবাৰ বৃদ্ধৰ মাটি দখলত নামিল পলাশবাৰীৰ তিনিআলিৰ মাফিয়া সঞ্জয় ঠাকুৰীয়া। চৰকাৰী সকলো পক্ষকে মেনেজ কৰি পলাশবাৰীৰ তিনিআলি, মণিয়েৰী আদি অঞ্চলত ভয় ভাবুকিৰে আনৰ ভূমি দখল, দোকান ভাঙি দি ভূমি দখল, সাংবাদিকক নিৰ্যাতন, পৰিয়ালৰ লোককো আতিশয্য চলোৱা আদিৰে ৰাইজৰ মাজত পৰিচিতি থকা সঞ্জয় ঠাকুৰীয়াই এইদৰে বছৰ বছৰ চলাই আহিছে মাফিয়াৰাজ।

Capturevvcvc

এই মাফিয়াৰাজৰ মাজতে বুধবাৰে পলাশবাৰীৰ পাৰাকুছিৰ বৃদ্ধ ব্যক্তি শশধৰ মহন্তৰ কৃষিভূমি বিতৰ্কিত সঞ্জয়ে দখল কৰিবলৈ উঠি পৰি লাগিছে। জানিব পৰা মতে, ইতিমধ্যেই এই ভূমিৰ সন্দৰ্ভত আইনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰ মাজতে কালি তাৰ বাহিনীৰ দ্বাৰাই মণিয়েৰী তিনিআলিৰ সপীপতে থকা কৃষিভূমিত এই সঞ্জয় ঠাকুৰীয়াই বেৰ দি কৃষি ভূমি দখল কৰিবলৈ উঠি পৰি লগাত পৰিয়ালটোৰ মাজত চিন্তা হয়।

WhatsApp Image 2025-12-18 at 12.30.45 PM

এই সন্দৰ্ভত লগতে পলাশবাৰী আৰক্ষী থানাতো এখন এজাহাৰ দাখিল কৰে শশধৰ মহন্তই। তেওঁ উল্লেখ কৰে যে, মই মোমাইদেওৰ পৰা দানসূত্ৰে পোৱা ৪৭ নং পট্টাৰ দাগ নং ৫২, ৪১, আৰু ৭১ৰ ১১ বিঘা ২ কঠা ১৯ লেছা মাটি ১৯৯১ চনৰ পৰা নিয়ম মতে মোৰ নামত ৰাজহ আদায় দি খেতি কৰি আছোঁ। ইয়াৰ ওপৰি ৪৭ নং পট্টাৰ ২৯ নং দাগৰ ৮ বিঘা ৪ কঠা ১০ লেচা আৰু একে পট্টাৰ ৪৩ নং দাগৰ ২ কঠা ৫ লেচা মাটি বিক্ৰীৰ বাবে বাইনা কৰাৰ পিছত আন এটা কৃষ্টি লৈ মোৰ নামত নামজাৰি কৰি দি দখল দিয়াত ১/২/২০০৩ৰ পৰা মোৰ নামত ৰাজহ আদায় দি খেতি কৰি আহিছো। এইবাৰো খেতি কৰিছিলোঁ।কিন্তু এইবাৰ মোৰ খেতিৰ কাম কৰা ৰৌছন আলি পিতা ৰঞ্জন আলি, ৰৌছান আলি পিতা কুৰৱান আলি, গাওঁ-মণিয়েৰী তিনিআলি, জিলা-কামৰূপ, অসম, ধানখিনি কাটি নি মৰণা মাৰি মোক ধানখিনি দিয়াৰ কথা আছিল যদিও ভুমাফিয়া সঞ্জয় ঠাকুৰীয়া, গাওঁ- মনিয়েৰি তিনিআলি, কামৰূপ, অসম লগ লাগি মোৰ ধানখিনি আত্মসাৎ কৰিছে। মোৰ সন্দেহ হয় এই চক্রটোত ডাঃ দিপিকা বৰুৱাও পিতা-ধীৰেন্দ্ৰ কুমাৰ চৌধুৰী ওতপ্রোতভাৱে জড়িত। মোৰ অনুৰোধ, এই বিষয়টো অনুসন্ধান কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে কৃষিভূমিখিনি মোকলাই দিবলৈ অনুৰোধ জনাই শশধৰ মহন্তই। প্ৰশ্ন হয়-বহু বিতৰ্কিত এই সঞ্জয় ঠাকুৰীয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে।

পলাশবাৰী