পৰ্বতঝোৰাত বিজেপিৰ হৈ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষানৰ ৰণডংকা

পৰ্বতঝোৰা ৰূপসি, গেন্ধাফুল, ভেকুৰচৰ আদি কেইবাটও বুথত ক্ষুদ্ৰ ক্ষুদ্ৰ সভাত অংশ লৈ ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ  প্ৰতিকূল বতৰকো নেওচি পৰ্বতঝোৰাত বিজপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণে। পৰ্বতঝোৰা ৰূপসি, গেন্ধাফুল, ভেকুৰচৰ আদি কেইবাটও বুথত ক্ষুদ্ৰ ক্ষুদ্ৰ সভাত অংশ লৈ ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

নিৰ্বাচনী প্ৰচাৰত তেওঁ কয়, দিল্লী দিছপুৰত এখন শক্তিশালী চৰকাৰ থকাৰ কাৰণে এই বেলি পৰ্বতঝোৰা বাসীয়ে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীক ভোট দিব। আৰু এখন শক্তিশালী বিটিচি চৰকাৰ গঠন কৰিব।

ইফালে আকৌ আজি গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কে কয় যে, গৌৰৱৰ বিষয়ে ইতিমধ্যে আমি মিডিয়াৰ জৰিয়তে দেখিছো, সদায় তেওঁ ভাৰতৰ বিৰুদ্ধে কথা কৈ আহিছে, তেওঁ আমাৰ শত্ৰু দেশ পাকিস্তানক সদায় সমৰ্থন কৰি আহিছে, গতিকে এনে বহু ধৰণৰ বিষয় আছে সেয়ে আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মেল যোগে ৰাইজলৈ আগবঢ়াব।

পৰ্বতঝোৰা