/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-14-38-25.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ভুক্ত বৰদুৱাৰ বাগান অঞ্চলৰ চানডুবি বিলৰ সমীপৰ চাপৰাকাটা গাঁৱত স্বাধীনতাৰ ৭৮ বছৰ পাৰ হোৱাৰ পাছতো বিপদজনক কাঠৰ দলঙেৰেই ছাত্ৰ ছাত্ৰী,ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। পিছে খবৰ নাই লোক নিৰ্মাণ বিভাগৰ লগতে বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰাভা হাছঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ।
অঞ্চলটোৰ ৰাইজ,ছাত্ৰ ছাত্ৰী,কৃষক,পোহনীয়া জীৱ জন্তু আদিয়ে এই দুৰ্বল দলঙৰ ওপৰেৰেই যাতায়াত কৰাত অঞ্চলটোৰ সচেতন লোক,চানডুবি,বাৰেগাঁও,ৰাণী খামাৰ আদি ঠাইলৈ বনভোজ খাবলৈ অহা দৰ্শনাৰ্থী, পৰ্যাটক আদিয়ে আশ্চৰ্য প্ৰকাশ কৰে। চৰকাৰে বিভিন্ন সময়ত সকলো দিশত গাঁৱৰ উন্নয়ন হোৱাৰ কথা দোহাৰি আহিছে যদিও এই ভগ্নপ্ৰায় দলংখনে উদঙাইছে গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰকৃত নমুনা। এক প্ৰকাৰ পাহাৰৰ মাজত অৱস্থিত এই অঞ্চলটো যেন সৰ্বদিশত অৱহেলিত। চৰকাৰী সংস্থাপন বুলিবৰো নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-im-2026-01-18-14-37-37.jpeg)
কৃষিকৰ্ম,দিন হাজিৰাৰে চলি থকা ৰাইজে চৰকাৰৰ মন্ত্ৰী বিধায়কক কেৱল নিৰ্বাচনৰ সময়তে দেখে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।দুখৰ কথা যে এই দলঙেৰেই ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ গ'লে প্ৰায় ৮-১০ কিলোমিটাৰ আৰু মহাবিদ্যালয় বা উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ ১৫ বা ৩০ কিলোমিটাৰ দূৰত্বলৈ যাবলগীয়া হয়। বহু সময়ত এই দলঙতে অঘটন ঘটি শিক্ষাৰ্থীৰ শিক্ষানুষ্ঠানলৈ যোৱা বাদ পৰে। ৰাইজে বিভিন্ন সময়ত এই দলংখনি পকীকৰণ কৰিবৰ বাবে লোক নিৰ্মাণ বিভাগ,বিধায়ক হেমাংগ ঠাকুৰীয়া,ৰাভা হাছঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক আৱেদন নিবেদন কৰি আহিছে যদিও কামত নাহিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-0-2026-01-18-14-37-54.jpeg)
ক্ৰমাত দিনে দিনে অধিক শোচনীয় হৈ গৈ আছে এই দলংখনৰ। নিশাটো বাদেই দিনৰ ভাগতেই ৰাইজে যাতায়াতৰ বাবে বিপাঙত পৰিছে। ইতিমধ্যে এই দলঙত গঞা আৰু পোহনীয়া জীৱ জন্তু আদিৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। দলংখনৰ এই শোচনীয় অৱস্থাৰ পিচতো বৰ্তমানলৈকে খবৰ নাই ঠিকাদাৰ, অভিযন্তা আৰু মিৰ্জাৰ লোক নিৰ্মাণ বিভাগৰ। আনকি এই চাপৰাকাটাৰ দলঙৰ কাষেৰেই অসম মেঘালয় সীমান্তৱৰ্তী বাৰেগাঁও,ৰাণী খামাৰ আদি পৰ্যটন স্থলীলৈ যোৱা চানডুবি বাৰেগাঁও ৰাণী খামাৰ পকী পথছোৱাৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ফলত এই পথছোৱাতো বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই পথ আৰু দলঙ জহি খহি যোৱাত কেইবাবাৰো ৰাইজে ঠিকাদাৰ মহৰী তথা বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও কামত নাহিল। প্ৰশ্ন উত্থাপন হৈছে -স্বাধীনতাৰ ৭৮ বছৰ পাছতো যদি চৰকাৰে এটি অঞ্চলৰ বাবে এখন দলঙেই পকী কৰি দিব নোৱাৰে তেতিয়াহলে চৰকাৰে কি উন্নয়ন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us