দিনত গ্ৰেপ্তাৰঃ বিয়লিলৈ চাকৰিৰ পৰা নিলম্বন হ'ল সন্দীপন গাৰ্গ...

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন। চি আই ডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ বাবে তেওঁক ৮ অক্টোবৰ, বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল। 

author-image
Tushar Pratim
New Update
new ap web 4 (9)

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন। চি আই ডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ বাবে তেওঁক ৮ অক্টোবৰ, বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল। 

গ্ৰেপ্তাৰ হোৱা সন্দীপনক কামৰূপ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱাৰ পাছত চি আই ডিয়ে ৭  দিনৰ বাবে নিজৰ জিম্মাত লয়। তাৰ পাছতেই এতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। 

উল্লেখ্য যে, সন্দীপন গাৰ্গ বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল। তেওঁ জুবিনৰ সৈতে ছিংগাপুৰলৈ গৈছিল আৰু য়ট পাৰ্টিতো উপস্থিত আছিল। য়ট পাৰ্টিৰ যিবোৰ দৃশ্য পোহৰলৈ আহিছিল তাত দেখা গৈছিল সন্দীপনে অন্যানসকলৰ সৈতে সাগৰত জলকেলি কৰিছিল। 

জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁ আছিল কাষত। কোৱা হৈছিল জুবিন অচেতন অৱস্থাত থকাৰ সময়ত সন্দীপনেই চি পি আৰ দিছিল। 

এইগৰাকী সন্দীপনক প্ৰায় ৫ দিন সোধপোছৰ অন্তত চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে বুধবাৰে দিনত গ্ৰেপ্তাৰ কৰে আৰু ৭ দিনৰ বাবে নিজৰ জিম্মাত লয়। উল্লেখ্য যে, জুবিনৰ ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। 

তেওঁলোকৰ ভিতৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ। 

চি আই ডি জুবিন গাৰ্গ