গ্ৰেপ্তাৰ হ'ল জুবিনৰ ভাতৃ সন্দীপন গাৰ্গ: গ্ৰেপ্তাৰৰ আঁৰত আছে কেইবাটাও ডাঙৰ কাৰণ...

জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক আজি চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে। তাৰ পাছতেই তেওঁ কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাই আৰু ৭ দিনৰ বাবে চি আই ডিয়ে নিজৰ জিম্মাত লয়। 

author-image
Tushar Pratim
New Update
sandeepan 08

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক আজি চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে। তাৰ পাছতেই তেওঁ কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাই আৰু ৭ দিনৰ বাবে চি আই ডিয়ে নিজৰ জিম্মাত লয়।

উল্লেখ্য যে, ১৯ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টি আৰু সাগৰত আছিল সন্দীপন গাৰ্গ। বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক চি আই ডিয়ে ৫ দিনকৈ সোধপোছৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে। 

ছিংগাপুৰত সন্দীপন গাৰ্গ আছিল জুবিন গাৰ্গ থকা বিখ্যাত পেন পেছিফিক হোটলতেই। একেলগে অসমৰ পৰা জুবিনৰ সৈতে ছিংগাপুৰলৈ যাত্ৰা কৰা সন্দীপন শেষ মুহূৰ্তলৈকে আছিল জুবিনৰ কাষত। 

সেয়ে ছিংগাপুৰত দৰাচলতে কি হৈছিল সেই সকলো বিষয়ে তেওঁ অৱগত। তাৰোপৰি ভাতৃ হিচাপে জুবিনৰ স্বাস্থ্যৰ সন্দৰ্ভত সকলো কথাই জানিছিস সন্দীপনে। তাৰ পাছতো তেওঁক জুবিনক অবহেলা কৰাৰ অভিযোগ উঠিছে। 

জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে সন্দীপন গাৰ্গক এককভাৱে আৰু এই ঘটনাৰ সৈতে অভিযুক্তসকলৰ সৈতে জেৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে চি আই ডিয়ে। সেয়ে তেওঁক আজি গ্ৰেপ্তাৰ কৰা হৈছে। 

তাৰোপৰি সন্দীপনক লৈ বিভিন্ন স্থানত তালাচী চলোৱাৰো প্ৰয়োজনীয়তাও আহি পৰিছে। যিহেতু তেওঁ এগৰাকী আৰক্ষী বিষয়া সেয়ে ঘটনাৰ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনাও যথেষ্ট বুলি বিশ্বাস কৰিছে তদন্তকাৰী চি আই ডিৰ বিষয়াই। এই কথা গ্ৰেপ্তাৰী পৰোৱানাত উল্লেখ কৰা হৈছে। 

তাৰোপৰি বিগত দিনসমূহত সন্দীপনক জেৰা কৰাৰ সময়ত তেওঁ যিবোৰ কথা উল্লেখ কৰিছিল সেই সকলো কথাৰ সৈতে শেষমুহূৰ্তত কোৱা কথাৰ অমিল পাইছে তদন্তকাৰী বিষয়াই। সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰি অধিক তদন্তৰ বাবে নিজৰ জিম্মাত হৈছে। 

আজি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰৰ লগে লগে জুবিনৰ ঘটনাৰ সৈতে জড়িতক গ্ৰেপ্তাৰৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে। এই পাঁচগৰাকী ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ। 

অৱশ্যে গোটেই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন য়ট পাৰ্টিত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিকে সোধপোছৰ। কিন্তু ছিংগাপুৰত থকা সেইসকল প্ৰবাসী অসমীয়াৰ এজনক বাদ দি বাকীসকলে তদন্ত প্ৰক্ৰিয়াত এই পৰ্যন্ত সহযোগিতা কৰা নাই। যাৰ বাবে গোটেই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। 

চি আই ডি জুবিন গাৰ্গ