ক্ষমতাৰ সমীকৰণ! নীতিশক আঁতৰোৱাৰ পণ লোৱা সম্ৰাটৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ...

বিগত বছৰত নীতিশ কুমাৰ মহাজোঁট চৰকাৰত থকা সময়ছোৱাত বিজেপিৰ বিহাৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰীয়ে কেইবাটাও জনসভাত ঘোষণা কৰিছিল যে তেওঁ কেতিয়াও নীতিশ কুমাৰৰ সৈতে কাম নকৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 10.05.43 AM

ডিজিটেল ডেস্কঃ  দিনক দিনে আকৰ্ষণীয় গৈছে বিহাৰৰ ৰাজীনতি। ৰাজ্যখনৰ নতুন চৰকাৰ গঠনৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধীনত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

আশ্চৰ্যজনকভাৱে, এইগৰাকী সম্ৰাট চৌধুৰীয়েই পূৰ্বতে নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ শপত খাইছিল। বিগত বছৰত নীতিশ কুমাৰ মহাজোঁট চৰকাৰত থকা সময়ছোৱাত বিজেপিৰ বিহাৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰীয়ে কেইবাটাও জনসভাত ঘোষণা কৰিছিল যে তেওঁ কেতিয়াও নীতিশ কুমাৰৰ সৈতে কাম নকৰে। 

কেৱল ইমানেই নহয়। সম্ৰাট চৌধুৰীয়ে ৰাজহুৱাভাৱে শপত খাইছিল যে যেতিয়ালৈকে তেওঁ নীতিশ কুমাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব নোৱাৰে, সেই পৰ্যন্ত তেওঁ পাগুৰী নলগায়। এই শপতৰ পিছত সম্ৰাট চৌধুৰীক কেইবাখনো সভাত পাগৰী পৰিধান নকৰাকৈ দেখা গৈছিল।

কিন্তু সময় সলনিৰ লগে লগে সলনি হ'ল বিহাৰৰ ৰাজনৈতিক সমীকৰণ। নীতিশ কুমাৰে পুনৰ এনডিএৰ সৈতে চৰকাৰ গঠন কৰা পাছতে দলীয় নিৰ্দেশ আৰু মিত্ৰজোঁটৰ স্বাৰ্থত সম্ৰাট চৌধুৰীয়ে পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহি উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।

ৰাজনৈতিক বিশ্লেষকসকলে ইয়াক ক্ষমতাৰ ৰাজনীতিৰ এক উদাহৰণ বুলি অভিহিত কৰিছে। তেওঁ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ লগে লগে এই ঘটনাটোৱে ৰাজ্যখনত ব্যাপক চৰ্চা লাভ কৰিছে।

বিহাৰ বিহাৰ চৰকাৰ