দৰিদ্ৰ ৰাইজক সাহায্য প্ৰদান নগাঁও সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীৰ…

দৰিদ্ৰ ৰাইজক সাহায্য প্ৰদান নগাঁও সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীৰ…

author-image
asomiyapratidin
New Update
দৰিদ্ৰ ৰাইজক সাহায্য প্ৰদান নগাঁও সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীৰ…

ডিজিটেল সংবাদ,চামগুৰিঃ বিশ্বজুৰি মহামাৰী কোৰোনা ভাইৰাচে আতংকৰ সৃষ্টি কৰাৰ পাছত ইয়াৰ সংক্ৰমণ ভাৰতত ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি ঘোষণা কৰিলে ২১ দিনীয়া লক ডাউন। চহৰাঞ্চলৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণিগুদাম, চামগুৰি,বঢ়মপুৰৰ গ্ৰামাঞ্চল সমূহতো লক ডাউনৰ পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

Advertisment

এইখিনি সময়ত দিন হাজিৰা কৰা একাংশ অতি দৰিদ্ৰ লোকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। তেনে সময়তে নগাঁও জিলা সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীয়ে দেখুৱাইছে এক উচিত নিৰ্দশন। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিষয়া-কৰ্মচাৰীক দৰিদ্ৰ ৰাইজক সহায় কৰিবৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই নগাঁও জিলা সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীয়ে নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ কথা চিন্তা কৰি লক ডাউনৰ সময়ছোৱাত ৰাইজৰ মাজত বিতৰণৰ কৰে সাহাৰ্য্য সামগ্ৰী ।

নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী হাতীখলি আৰু বৰবাৰী অঞ্চলৰ ৪০ টা পৰিয়ালৰ মাজত বিষয়া গৰাকীয়ে বন কৰ্মী সকলৰ সহযোগত চাউল,দালি,মিঠাতেল,হৰলিস্ক,চাবোন,বিস্কুট,আলু আৰু নিমখ প্ৰদান কৰে ।উক্ত সাহাৰ্য্য প্ৰদান প্ৰক্ৰিয়াত নগাঁও জিলা সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীৰ লগতে কঠিয়াতলি আঞ্চলিক বন বিষয়া দুলাল বৰদলৈও উপস্থিত থাকে। জিলা সংমণ্ডল বন বিষয়া গৰাকীৰ এই পদক্ষেপৰ বাবে অঞ্চলটোৰ বহু সংখ্যক দৰিদ্ৰ পৰিয়ালৰ লোকে চৰম সকাহ পোৱাৰ লগতে এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰা দেখা গৈছে স্থানীয় ৰাইজে।

আনহাতে মদাৰতলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া প্ৰভাত বৰুৱাই বন কৰ্মী সকলৰ সহযোগত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই মদাৰতলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ কাষৰীয়া অঞ্চলত দৰিদ্ৰ ৰাইজৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে ।উল্লেখ্য যে প্ৰভাত বৰুৱাই তেওঁৰ এলেকাধীন অঞ্চলৰ ২০ টা পৰিয়ালক এই সাহাৰ্য্য সামগ্ৰী প্ৰদান কৰে ।