লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে সষ্টম পুৰণিগুদাম আৰক্ষী, পদক্ষেপক আদৰণি সচেতন ৰাইজৰ…

লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে সষ্টম পুৰণিগুদাম আৰক্ষী, পদক্ষেপক আদৰণি সচেতন ৰাইজৰ…

author-image
asomiyapratidin
New Update
লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে সষ্টম পুৰণিগুদাম আৰক্ষী,  পদক্ষেপক আদৰণি সচেতন ৰাইজৰ…

ডিজিটেল সংবাদ,চামগুৰিঃ কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে লক ডাউন ।এচামৰ এতিয়াও যেন গা লৰা নাই ।নগাঁৱৰ পুৰণিগুদামত শনিবাৰে লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে সষ্টম হ'ল পুৰণিগুদাম আৰক্ষী ।লক ডাউনৰ সময়ত নগাঁৱৰ পুৰণিগুদাম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰৈ বাইক লৈ উলাই আহিল একাংশ লোক ।

Advertisment

বিনা কাৰণত উলাই অহা এই সকল লোকৰ বিৰুদ্ধে কঠোৰ হ'ল পুৰণিগুদাম আৰক্ষী ।পুৰণিগুদাম আৰক্ষীয়ে জব্দ কৰিলে কেইবাখনো বাইক। বাইক সমূহ জব্দ কৰি পুৰণিগুদাম আৰক্ষীয়ে বাইক সমূহ লৈ যায় থানালৈ ।

উল্লেখ্য যে ইয়াৰ উপৰিও পুৰণিগুদাম আৰক্ষীয়ে প্ৰতিটো সময়তে পুৰণিগুদামৰ সকলো অঞ্চলত নিয়মীয়া তহলদাৰী কৰি ৰাইজক সজাগ আৰু সচেতন কৰি আহিছে ।এই সংকটৰ সময়ত পুৰণিগুদামৰ বিভিন্ন অঞ্চলত নিয়মীয়া তহলদাৰী কৰি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা বাবে পুৰণিগুদাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে পুৰণিগুদাম আৰক্ষীৰ পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে ।