/asomiyapratidin/media/media_files/2026/03/01/diuwyuskanxsk-2026-03-01-09-34-04.jpg)
ডিজিটেল সংবাদ,চামগুৰিঃ চামগুৰিৰ সোণাৰিবালিত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। পথ পাৰ হৈ থকা এজন চাইকেল আৰোহী আৰু দুখন মটৰচাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীতেই মৃত্যুক সাৱটি লোৱা এজনৰ নাম আব্দুল আৱাল বুলি চিনাক্ত কৰা হৈছে। আনজন ব্যক্তিৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃত্যু হোৱা এজন ব্যক্তিৰ ঘৰ চামগুৰিৰ সোণাৰিবালিত বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে।
ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা আন দুজন ব্যক্তিক সংকটজনক অৱস্থাত তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত জড়িত থকা মটৰচাইকেল দুখনৰ নম্বৰ AS 02AK 5058 আৰু AS 02AP 5224 বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us