৯০ বছৰীয়া এগৰাকী আইতাৰ জীৱন সংগ্ৰাম…

৯০ বছৰীয়া এগৰাকী আইতাৰ জীৱন সংগ্ৰাম…

author-image
asomiyapratidin
New Update
৯০ বছৰীয়া এগৰাকী আইতাৰ জীৱন সংগ্ৰাম…

ডিজিটেল সংবাদ,চামগুৰিঃ এগৰাকী দুৰ্ভগীয়া বৃদ্ধাৰ অতি মৰ্মান্তিক দুৰ্দশাগ্ৰস্ত জীৱনৰ এক কৰুণ জীয়া কাহিনী । মানুহে কল্পনাও কৰিব নোৱাৰা অসহনীয় পৰিণতি বৃদ্ধা গৰাকীৰ । প্ৰায় চাৰি বছৰ পুতুমাই ঘাটোৱাল নামৰ নব্বৈ উৰ্দ্ধৰ বৃদ্ধা গৰাকীয়ে এটি গোহালীতকৈও নিম্ন মানৰ ভঙা-চিঙা চালিৰে তলত শয্যাশায়ী হৈ পৰি যান্ত্ৰনাদায়ক জীৱন অতিবাহিত কৰিব লগা হৈছে ।

Advertisment

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ বামুনী পঞ্চায়তৰ অন্তৰ্গত ধনতোলাৰ এটি দুখীয়া পৰিয়ালৰ পয়ালগা জীৱনৰ মৰ্মস্পৰ্শী ঘটনা এয়া ।বৃদ্ধা গৰাকীৰ ৰঘু ঘাটোৱাল আৰু নাৰায়ণ ঘাটোৱাল নামৰ দুজন পুত্ৰও আছে । তেওঁঁলোকৰ আছে নিজা নিজা পৰিয়াল । কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটিয়ে ৰোগাক্ৰান্ত মাতৃৰ আহাৰ মুঠি যোগান ধৰাৰ বাদে তেওঁৰ স্বাস্থ্যৰ যত্ন ল'বলৈ অপৰাগ । অপৰাগ এটি সুৰক্ষিত ঘৰৰ তলত তেওঁলোকৰ মাতৃক ৰাখিবলৈ ।

দৰিদ্ৰতাৰ নিৰ্মম হাতোৰাই আচুৰি ক্ষত-বিক্ষত কৰা বৃদ্ধা গৰাকীয়ে ৯০ বছৰ অতিক্ৰম কৰিও জনপ্ৰতিনিধিৰ অৱহেলাৰ বাবেই আজিকোপতি নাই পোৱা বৃদ্ধ পেন্সন । পৰিয়ালটোৱে জানিবলৈ দিয়া মতে চাউল মুঠিৰ বাদে বহু আবেদন-নিবেদন কৰিও পোৱা নাই চৰকাৰী আবাস গৃহ, নাই পোৱা দমকল, শৌচালয়, জবকাৰ্ড আদি কোনো আঁঁচনিৰ সুবিধা ।

এনে দুৰ্বিসহ অৱস্থাৰ মাজতে কেতিয়াবা অসুস্থতা বাঢ়ি গ'লে ঠেলা গাড়ীৰে বৃদ্ধা গৰাকীক লৈ যোৱা হয় ওচৰৰে চিকিৎসালয়লৈ । কিন্তু বাৰ্দ্ধক্য আৰু ৰোগৰ উপৰিও আইতাই প্ৰতিহত কৰি গৈছে বহু ধুমুহা, শিল-বৰষুণ আৰু প্ৰচণ্ড শীত কিম্বা উৎকট গৰম ।

ধুমুহা-বৰষুণত তিতিবুৰি তেনেকৈয়ে এটা উৱলি যোৱা জুপুৰীত বসবাস কৰে বৃদ্ধা গৰাকীয়ে,প্ৰখৰ ৰ'দৰ তাপো সহিব লগা হয় ।কথাই প্ৰতি উন্নয়নৰ শ্লোগান দিয়া পৰিবৰ্তনকামী চৰকাৰ খনে এই গৰাকী বৃদ্ধাৰ দুৰ্দশাৰ কথা বুজিবনে বাৰু,নে এনেদৰে বাকী থকা দিনসমূহ পাৰ কৰিব লাগিব অসহায় বৃদ্ধা গৰাকীয়ে ।