ক্ষুদ্ৰ চিন্তা পৰিহাৰ কৰি অসমীয়া পৰিচয়েৰে দৃঢ়তাৰে আগুৱাই যাৱক...

আশা-প্ৰত্যাশা,স্বপ্নক লৈ চিন্তাত মগ্ন হৈ থকা জাতিটো জীয়া বাস্তৱৰ স’তে সহাৱস্থান কৰি আগবাঢ়ি যোৱাৰ শক্তি-সামৰ্থৰে বলীয়ান হোৱাৰ বৰ্ষ হওক ইংৰাজী নৱবৰ্ষটো৷ সকলো মানুহে ক্ষুদ্ৰ চিন্তা পৰিহাৰ কৰি অসমীয়া পৰিচয়েৰে দৃঢ়তাৰে আগুৱাই

author-image
Asomiya Pratidin
New Update
notun bosoror anuvab 1

সমীৰণ ফুকন, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা 

আশা-প্ৰত্যাশা,স্বপ্নক লৈ চিন্তাত মগ্ন হৈ থকা জাতিটো জীয়া বাস্তৱৰ স’তে সহাৱস্থান কৰি আগবাঢ়ি যোৱাৰ শক্তি-সামৰ্থৰে বলীয়ান হোৱাৰ বৰ্ষ হওক ইংৰাজী নৱবৰ্ষটো৷ সকলো মানুহে ক্ষুদ্ৰ চিন্তা পৰিহাৰ কৰি অসমীয়া পৰিচয়েৰে দৃঢ়তাৰে আগুৱাই যোৱা এক নৱ চেতনাৰ উদ্‌গীৰণ ঘটোৱাৰ বৰ্ষ ৰূপে ইংৰাজী নতুন বছৰটিয়ে অসম আৰু অসমীয়ালৈ কঢ়িয়াই আনক অলেখ-অযুত সম্ভাৱনা৷

নিজৰ আইৰ মুখৰ মাত, আমাৰ কৃষ্টি-সংস্কৃতি, সভ্যতা,অৰ্থনৈতিক উত্তৰণ,ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ লগতে শিপাৰে সংপৃক্ত জাতি সত্বাৰ সুদৃঢ় ভেঁটি স্থাপনৰ বৰ্ষ হিচাপে এই বছৰটোক প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰক সকলোৱে৷ হেৰুৱাবলৈ বিশেষ একো বাকী নথকা জাতিটোৱে একত্ৰিত শক্তিৰ উমান দি সকলো অপশক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত হোৱাৰ সময় হৈ পৰক নৱবৰ্ষৰ প্ৰতিটো দিন৷ জাতিটোৰ সক্ষমতাক কৰ্মৰে আৰু সৃষ্টিৰে সজীৱ কৰি তোলাৰ দায়বদ্ধতা প্ৰত্যেকেই উপলব্ধি কৰক৷

এইখন অসম আমাৰ অসম ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু অস্তিত্ব অক্ষুণ্ণ ৰখাৰ সংকল্পৰে বাস্তৱমুখী পদক্ষেপক সাৰথি কৰি জীৱনবোৰ আগুৱাই নিয়াৰ পণ প্ৰত্যেকৰ অন্তৰাত্মাত থিতাপি লোৱাৰ বৰ্ষ হৈ পৰক ২০২৬ ৷ সকলোৰে ভাল হওক,জাতিটো কুশলে থাকক৷

নতুন বছৰ নতুন বছৰৰ শুভেচ্ছা