/asomiyapratidin/media/media_files/2025/12/25/new-ap-web-2025-12-25-12-40-48.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কনিষ্ট বিষয়া সমীৰণ বৰুৱাৰ বিৰুদ্ধে যোৰহাট জিলা আয়ুক্তই ঘোষণা কৰিছে বিভাগীয় তদন্ত। পৰকীয়া প্ৰেমত হাবু ডুবু খাই পত্নী সন্তানক অত্যাচাৰ চলোৱা সমীৰণ বৰুৱাই নিজৰ গাড়ী চালকক ভৰি চেলেকিব দিছিল। JDAত বিভিন্ন দূৰ্নীতি কৰি সম্পত্তিৰ বিশাল পাহাৰ গঢ়া এইজন সমীৰণ বৰুৱাই গাড়ীচালকক ভৰি চেলেকিবলৈ দিয়া ভিডিঅটো ভাইৰেল হৈ পৰিছিল। ইয়াৰ পাছতে আটছাই তিতাবৰ আৰু যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।
আনহাতে, পত্নী আৰু দুই সন্তানক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগত যোৰহাট সদৰ থানাত সমীৰণ বৰুৱাৰ বিৰুদ্ধে পত্নীয়েও দাখিল কৰিছিল এজাহাৰ। পিছে পত্নীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল।
আনকি, পৰৱৰ্তী সময়ত ভুক্তভোগী গাড়ীচালক বিপুল ওৰাঙে তৰিছিল গোচৰ। পিছে এতিয়াও যোৰহাট আৰক্ষীয়ে নাজানে ক’ত আছে বিতৰ্কিত কনিষ্ট বিষয়া সমীৰণ বৰুৱা। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। যোৰহাট আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছে প্ৰশ্নচিহ্নৰ। ৰাইজে দাবী উত্থাপন কৰিছে- তদন্ত নহয়, গ্ৰেপ্তাৰ কৰক সমীৰণ বৰুৱাক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us