চামগুৰিত হায়দৰাবাদ আৰক্ষীৰ অভিযান

চামগুৰিত হায়দৰাবাদ আৰক্ষীৰ অভিযান। সোণ চোৰৰ বিৰুদ্ধে চলাই এই অভিযান। অভিযানত আটক পুৰণিগুদাম চলচলীৰ এজন যুৱক।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ  চামগুৰিত হায়দৰাবাদ আৰক্ষীৰ অভিযান। সোণ চোৰৰ বিৰুদ্ধে চলাই এই অভিযান।  অভিযানত আটক পুৰণিগুদাম চলচলীৰ এজন যুৱক। হায়দৰাবাদত বিভিন্ন চুৰি কাৰ্যত জড়িত থকাৰ লগতে প্ৰায় ১৩টোলা সোণ চুৰি কৰাৰ অভিযোগত আটক কৰে যুৱকজনক।

WhatsApp Image 2026-02-15 at 10.44.29 AM

আটকাধীন যুৱক জনৰ নাম মিঠুন ৰাজখোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও হায়দৰাবাদত বহুকেইটা চুৰি কাৰ্যৰ অভিযোগত জেলত আছিল আকটাধীন যুৱকজন। ইপিনে চামগুৰি আৰক্ষী আৰু হায়দৰাবাদ আৰক্ষীৰ যৌথ অভিযানত আটক কৰিবলৈ সক্ষম হয় যুৱকজনক। অধিক সোধ-পোছৰ বাবে যুৱ জনক গ্ৰেপ্তাৰ কৰি হায়দৰাবাদলৈ ৰাওনা হায়দৰাবাদ আৰক্ষীৰ দলটো। 

চামগুৰি