চোৰাং গৰুৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ বৃহৎ অভিযান

চামগুৰি আৰক্ষীয়ে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সোনাৰী বালিত অভিযান চলাই জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-22 at 11.39.25 AM

 ডিজিটেল সংবাদ,নগাওঁঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। অভিযানত জব্দ ২০টাকৈ‌ চোৰাং গৰু ভৰ্তি দুখনকৈ বাহন সহ আটক দুই সৰবৰাহকাৰী।

image (7)

উল্লেখ্য যে AS 07 BC 3404 নম্বৰৰ  এখন বাহন গোগামুখৰ পৰা ধিং আৰু AS 02 DC 8518 নম্বৰৰ  আন এখন বাহন জিউমাৰীৰ পৰা লংকালৈ চোৰাং গৰু সমূহ সৰবৰাহৰ চেষ্টা চলাইছিল।

image (8)

প্ৰাণিধানযোগ্য যে, এক গোপন সূত্ৰৰ পম খেদি চামগুৰি আৰক্ষীয়ে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সোনাৰী বালিত অভিযান চলাই জব্দ কৰে দুয়োখন চোৰাং গৰু ভৰ্তি বাহন। আটকাধীন লোক কেইজনক চামগুৰি আৰক্ষীয়ে জেৰা চলোৱাৰ লগতে চোৰাং গৰু সমূহ  নগাঁৱৰ গো-শালালৈ প্ৰেৰণ কৰে। 

নগাওঁ