/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-17/up8zh2ga/ddddd.jpg)
ডিজিটেল সংবাদ, চমৰীয়াঃ কেইটামান টকাৰ বাবে এখন গৰিমামণ্ডিত চৰকাৰী বিদ্যালয়ৰ গৰিমাত চেকা লগালে বিদ্যালয় প্ৰধান আৰু কৰ্তৃপক্ষই। টকাৰ লোভ এৰিব নোৱাৰি বিদ্যালয় মেৰামতি কৰি ওলোৱা পুৰণা টিনপাত বেচিলে চোৰাংকৈ।
এই লাজ লগা ঘটনা সংঘটিত হৈছে কামৰূপৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ৰঙাপানী ইছমাইল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ত। উল্লেখ্য যে,পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে মেৰামতি কৰা হৈছে বিদ্যালয় খনৰ এটা গৃহ।
সলাই পেলোৱা হৈছে গৃহটোৰ সম্পুৰ্ণ টিনপাত, নতুন টিনপাত লগাই পুৰণা টিনপাত সমুহ প্ৰায় পষেক দিন ধৰি মজুত কৰি ৰখা হৈছিল মেৰামতি কৰি থকা গৃহটোৰ ভিতৰতে। কিন্তু হঠাৎ তাৰপৰা টিনপাত অন্তৰ্ধান, অৱশেষত নিৰ্মান কমিটিৰ সভাপতি ছাইদুৰ ৰহমানৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা।
অভিযোগ মতে, বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু দুই এজন শিক্ষকে আছৰুদ্দিন নামৰ লোকজনৰ সৈতে মিলি চোৰাংকৈ বিক্ৰী কৰিছে প্ৰায় ১২০ ফাইল টিনপাত। ইতিমধ্যে বিষয়টো সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে নিৰ্মান কমিটিৰ সভাপতি ছাইদুৰ ৰহমানে।দোষীক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। চৰকাৰী শিক্ষানুষ্ঠানত সংঘটিত ঘটনাই সমগ্ৰ অঞ্চলটোতেb চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us