/asomiyapratidin/media/media_files/2025/01/26/1m3fRZ1rMZeRxYvO5nK3.jpg)
বিশিষ্ট ছবি পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যু
ডিজিটেল ডেস্কঃ বিশিষ্ট ছবি পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুৰ খবৰে ব্যৰ্থিত কৰিছে সকলোকে। আজি পুৱা ৪.৪৫বজাত মৃত্যু হয় পৰিচালকগৰাকী। দেৱৰ অসমীয়া চলচ্চিত্ৰ জগতলৈ আছে বিশেষ অৱদান।
৬ জানুৱাৰীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মধুমেহ আৰু বৃক্কজনিত ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল । সমৰেন্দ্ৰ নাৰায়ণ দেৱে পৰিচালনা কৰা প্ৰথমখন চিনেমা ' অৰণ্য '।
১৯৭১ চনত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল "অৰণ্য"ই।
পুতলা ঘৰ, সোণৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী, বীৰ চিলাৰায় আদি কেইবাখনো চিনেমা তেওঁ পৰিচালনা কৰে। ১৯৭৬ চনত তেওঁৰ ' পুতলা ঘৰ ' চিনেমাখনেও আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। কেইবাখনো তথ্যচিত্ৰ আৰু ধাৰাবাহিক নিৰ্মাণ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us