দুলাল পেপাৰ এজেঞ্চিৰ ৩০ বছৰ পূৰ্ণ

দুলাল পেপাৰ এজেঞ্চিয়ে ভৰি দিলে ত্ৰিশটা বছৰত। চামগুৰি অঞ্চলত সৰ্বাধিক বিক্ৰীৰে অসমীয়া প্ৰতিদিন কাকতক চামগুৰি অঞ্চলত জনপ্ৰিয় কৰি তোলা দুলাল পেপাৰ এজেঞ্চিৰ ত্ৰিশ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটি উলহ-মালহেৰে পালন কৰে।

author-image
Asomiya Pratidin
New Update
78

ডিজিটেল সংবাদ, চামগুৰি : চামগুৰিৰ দুলাল পেপাৰ এজেঞ্চিয়ে ভৰি দিলে ত্ৰিশটা বছৰত। চামগুৰি অঞ্চলত সৰ্বাধিক বিক্ৰীৰে অসমীয়া প্ৰতিদিন কাকতক চামগুৰি অঞ্চলত জনপ্ৰিয় কৰি তোলা দুলাল পেপাৰ এজেঞ্চিৰ ত্ৰিশ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটি উলহ-মালহেৰে পালন কৰে।

ত্ৰিশ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান হিচাপে আয়োজন কৰে এখন মুকলি সভা। সভাত চামগুৰি-পুৰণিগুদামৰ যথেষ্ট সংখ্যক লোক উপস্থিত থকাৰ লগতে উপস্থিত থাকে চামগুৰিৰ কেইবাজনো বিশিষ্ট ব্যক্তি।

ত্ৰিশ বছৰৰ আগতে মাত্ৰ ১২ খন পেপাৰেৰে আৰম্ভ কৰা দুলাল পেপাৰ এজেঞ্চিয়ে আজি পাঁচশখন পেপাৰ যোগান ধৰি আহিছে গ্ৰাহকক। আনহাতে দুলাল শৰ্মাৰ তত্বাৱধানত জন্ম হোৱা এই এজেঞ্চিটোৱে অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে বুলি বক্তব্য কৰে বিভিন্নজনে।

চামগুৰি