এটা মংগলময় বছৰৰ কামনাৰে নৱবৰ্ষৰ পহিলা পুৱা মন্দিৰত ভক্তৰ প্ৰাৰ্থনা

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত পৰিয়াল তথা ৰাজ্যবাসীৰ বছৰটো কুশল কামনাৰে নেদেখাজনৰ আশিস বিচাৰি ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ তথা বিভিন্ন ধৰ্মীয় উপাসনাস্থলীত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজি নৱবৰ্ষৰ প্ৰথমটো দিন। পুৱাৰে পৰা মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। ধূপ-দীপ-নৈবদ্যৰে নতুন বছৰটো সুন্দৰকৈ পাৰ হৈ যোৱাৰ বাবে প্ৰাৰ্থনা কৰিছে সকলোৱে। বিগত বৰ্ষৰ প্ৰতিটো ঘাট-প্ৰতিঘাট পৰিহাৰ কৰি নতুন বছৰত নতুন সংকল্প লৈ আগুৱাই যোৱাত মন বান্ধিছে এতিয়া প্ৰতিজনে। 

উল্লেখ্য যে, নগাঁৱৰ ভেৰভেৰীৰ ১২৬ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তৰ আগমন । পুৱা ৭বজাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলে আহি মন্দিৰত পূজা অৰ্চনা কৰিছে।সকলোৱে নিজৰ লগতে এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা জনাইছে ৷  

নগাওঁ