আজি উদ্বোধন হ'ব ৰাজ্যৰ দ্বিতীয়খন মামা বজাৰ...

"বজাৰ আমাৰ শস্য আমাৰ সমৃদ্ধিৰ নতুন আধাৰ" এই শ্লোগানেৰে আজি শুভ উদ্বোধন হ'ব অসমৰ দ্বিতীয়খন মামা বজাৰ।

author-image
Asomiya Pratidin
New Update
uyydasooooooooooo

ডিজিটেল সংবাদ, চামগুৰিঃ "বজাৰ আমাৰ শস্য আমাৰ সমৃদ্ধিৰ নতুন আধাৰ" এই শ্লোগানেৰে আজি শুভ উদ্বোধন হ'ব অসমৰ দ্বিতীয়খন মামা বজাৰ। যাৰবাবে এতিয়া উদুলি-মুদুলি হৈ পৰিছে নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাৱঁৰ মামা বজাৰৰ পদূলি। 

Capturesrgweury

এই বিশেষ বজাৰখন মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। মহিলা উদ্যামিতা আচঁনিৰ টকা লাভ কৰা মহিলা সকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদামৰ কাষৰি গাঁৱত 
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত স্থাপন কৰা হৈছে এই মামা বজাৰখন।

Capturelkjyiujlkl

১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিজেই কাষতে থকা মহিলাৰ দ্বাৰা পৰিচালিত এই বিশেষ বজাৰখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীত শুভাৰম্ভ কৰিছিল অসমৰ প্ৰথমখন মামা বজাৰৰ।

মামা বজাৰ