চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি

নগাঁও জিলাৰ চামগুৰিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰা উপলক্ষে বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
605

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ চামগুৰিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰা উপলক্ষে বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৷ ইয়াকে লৈ পুৱাৰ ভাগৰ পৰা বিদ্যালয় খনত উখল মাখল পৰিৱেশ।

১৯৫০ চনত স্থাপিত হোৱা  চামগুৰি  উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে পুৱা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, বিশিষ্ট সমাজ সেৱক সুৰেশ বৰা আৰু অঞ্চলটোৰ বৰেণ্য ব্যক্তিসকলৰ দ্বাৰা ৭৫খন পতাকা উত্তোলন কৰি মহা ৰজত জয়ন্তী বৰ্ষৰ সামৰনি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পাছতে সুধাকণ্ঠ শিল্পী ড৹ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বিদ্যালয়ৰ ন -পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা উলিওৱা হয় বাৰে ৰহনীয়া সাংস্কৃতিক শোভযাত্ৰা। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে ৷

নগাঁও