/asomiyapratidin/media/media_files/2026/02/06/keshabmahantattt-2026-02-06-17-48-46.jpg)
ডিজিডেল সংবাদ, চামগুৰিঃ বঢ়মপুৰত বিজেপি-অগপৰ টিকট কেন্দ্ৰিক সংঘাতক লৈ মন্ত্ৰী কেশৱ মহন্তই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মিত্ৰজোঁটৰ আলোচনা নোহোৱা পৰ্যন্ত কোনো মন্তব্য নিদিওঁ বুলি কয় মন্ত্ৰী কেশৱ মহন্তই।
তেওঁ কয় যে- ‘মইকোনো কথা আজি নকওঁ, আমি মিত্ৰজোঁটত আছোঁ, মিত্ৰজোঁটৰ মঞ্চত কোনো আলোচনা নোহোৱাকৈ মই কোনো মন্তব্য নকৰো।’
‘বঢ়মপুৰত বন্ধুত্বমূলক নিৰ্বাচন খেলাৰ প্ৰসংগত এতিয়া কোনো বন্ধুত্বমূলক কথা আহিব নোৱাৰে, যদি ক’ৰবাত সমস্যাৰ উদ্ভৱ হয় সেই সময়তহে সিদ্ধান্ত হ’ব। আলোচনাত প্ৰথমে বন্ধুত্বমূলক নিৰ্বাচন খেলাৰ কথা আলোচনা নহয়, মই অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি, গতিকে আলোচনা নোহোৱাকৈ কোনো কথা মই নকওঁ।’ বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us